এন জি চিৰ কৰ্মচাৰী ৰিতুল শইকীয়া

সুদীৰ্ঘ এমাহ জোৰা উৎকণ্ঠাৰ অন্ত পেলাই বৰহোলাৰ অ’ এন জি চিৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়া মুকলি কৰি দিলে আলফা স্বাধীনে ।
নাগালেণ্ডৰ ম্যানমাৰ সীমান্তত থকা মন জিলাৰ চংচা বস্তীত মুকলি কৰি দিলে আলফা স্বাধীনে।
উল্লেখ্য যে, যোৱা বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছিল আলফা স্বাধীনক।
এই আহ্বানৰ পিছতে আলফা স্বাধীনে মুকলি কৰি দিয়াৰ কথা সদৰি কৰিছিল।
আৰু কথা অনুসৰিয়ে আজি মুকলি কৰি দিলে ৰিতুল শইকীয়াক।
ৰিতুলৰ মুক্তি খবৰ লাভ কৰাৰ লগে লগে তিতাবৰ বৰহোলাৰ ৰিতুলৰ ঘৰখনত আনন্দমুখৰ হৈ পৰিছে । ৰিতুল পিতৃ মাতৃ আৰু পৰিয়াললোকে ৰিতুল এনেকৈ আলফা স্বাধীনে মুকলি কৰি দিয়াত সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে ।

লগতে পঢ়ক অখিল গগৈক শপত বাক্য পাঠ কৰালে প্ৰটেম সদস্য ফণীভূষণ চৌধুৰীয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply