গুৱাহাটী : অৱশেষত কুইপ’ৰ দুই বিষয়াক মুকলি কৰিলে আলফা স্বাধীনে। প্ৰণৱ কুমাৰ গগৈৰ পিছত ৰাম কুমাৰক মুকলি কৰিলে আলফা স্বাধীনে। ম্যানমাৰ সীমান্তত আলফা স্বাধীনে মুকলি কৰিলে কুইপ’ৰ আনজন বিষয়া ৰাম কুমাৰক। ম্যানমাৰ সীমান্তৰ পৰা কুইপ’ৰ বিষয়া গৰাকীক অসমলৈ আনি থকা বুলি জানিব পৰা গৈছে।
আলফা স্বাধীনে অপহৰণ কৰা কুইপ’ৰ দুই বিষয়াক অৱশেষত মুকলি কৰিলে আলফা স্বাধীনে। যোৱা ২১ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ পৰা আলফা স্বাধীনে অপহৰণ কৰা কুইপ’ৰ দুই বিষয়া মুকলি আকাশৰ তললৈ আহিল। প্ৰণৱ কুমাৰ গগৈৰ পিছত ৰাম কুমাৰ আহিল মুকলি আকাশৰ তললৈ।
জানিব পৰা মতে যোৱা ২১ ডিচেম্বৰত আলফা স্বাধীনে অপহৰণ কৰা কুইপ’ৰ বিষয়া ৰাম কুমাৰক ম্যানমাৰ সীমান্তত মুকলি কৰি দিছে আলফা স্বাধীনে। আলফা স্বাধীনৰ কবলৰ পৰা মুক্তি লাভ কৰা কুইপ’ৰ বিষয়া গৰাকীক ম্যানমাৰ পৰা অসমলৈ আনি থকা বুলিও জানিব পৰা গৈছে।
দুপৰীয়াৰ ভাগত ৰাম কুমাৰ অসমলৈ আহি উপস্থিত হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে আলফা স্বাধীনে অপহৰণ কৰা কুইপ’ৰ বিষয়া প্ৰণৱ কুমাৰ গগৈক শনিবাৰে মুকলি কৰি দিয়া হৈছিল। শনিবাৰে ১২.২০ বজাত প্ৰণৱ কুমাৰ গগৈক নামপামত মুকলি কৰি দিছিল আলফা স্বাধীনে।