কুইপ'ৰ দুই বিষয়া ৰাম কুমাৰ আৰু প্ৰণৱ কুমাৰ গগৈ : ফাইল ফটো

নিউজ ডেস্ক: কুইপ’ৰ সৈতে বুজাবুজি দুদিনৰ পূৰ্বে সম্পন্ন হৈছে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনৰ ৷ এই হিচাপত আজি অপহৃত দুই বিষয়াক উভতাই পোৱাৰ আশা প্ৰকাশ কৰিছে মধ্যস্থতাকাৰী কৌশিক ফুকনে ৷ কুইপ’ৰ সৈতে দিল্লীতে আলোচনা কৰা মধ্যস্থতাকাৰী কৌশিক ফুকন বৰ্তমানেও দিল্লীতে বাহৰ পাতি আছে ৷

কুইপ’ নামৰ তৈলক্ষেত্ৰ খননকাৰী কোম্পানীটোক আলফা স্বাধীনে দিয়া চৰ্তক কোম্পানীটোৱে মানি লৈছে বুলি সদৰি কৰিছে মধ্যস্থতাকাৰী কৌশিক ফুকনে ৷ মধ্যস্থতাকাৰী কৌশিক ফুকনে জনোৱা মতে, “পৰেশ বৰুৱাই বান্ধি দিয়া থলুৱা নিযুক্তিৰ চৰ্ত মানি লৈছে কুইপ’ই ৷ ৫ হাজাৰ যোগ্য অভিযন্তাক কুইপ’ত নিযুক্তিৰ বাবে সন্মতি প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে, বিগত ২১ ডিচেম্বৰতেই আলফা স্বাধীন আৰু NSCN-K-এ অৰুণাচল প্ৰদেশৰ পৰা অপহৰণ কৰি নিছিল কুইপ’ৰ দুই বিষয়া ৰাম কুমাৰ আৰু প্ৰণৱ কুমাৰ গগৈক ৷ দুয়োজন বিষয়াৰ মুক্তিপণ হিচাপে এলানি চৰ্ত আৰোপ কৰিছিল আলফা স্বাধীনে ৷
কিন্তু প্ৰথমাৱস্থাত কুইপ’ কৰ্তৃপক্ষই বিশেষ গুৰুত্ব নিদিয়াত অপহৃত বিষয়া দুজনকলৈ চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ হুমকি দিছিল আলফা স্বাধীনে ৷ পিছৰচোৱাত অসমবাসী ৰাইজৰ আহ্বানক্ৰমে পৰেশ বৰুৱাই স্থগিত ৰাখিছিল সেই সিদ্ধান্ত ৷ মধ্যস্থতাকাৰী হিচাপে কৌশিক ফুকনে কুইপ’ৰ সৈতে চলাই নিছিল মধ্যস্থতা ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply