YouTube video

নিউজ ডেস্কঃ আলফা স্বাধীনৰ কেম্পত বন্দী হৈ আছে অসম আৰক্ষী আৰু সেনা বাহিনীৰ এজন গুপ্তচৰ। জানিব পৰা মতে, এই আলফা স্বাধীনৰ কেম্পত বন্দী হৈ থকা অসম আৰক্ষীৰ চোৰাংচোৱা গৰাকীৰ নাম সঞ্জীৱ শৰ্মা। উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে আলফা স্বাধীনত সঞ্জীৱ শৰ্মাই যোগদান কৰিছিল।

মঙলবাৰে ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’। এই ভিডিঅ’টোত যুৱক গৰাকীয়ে আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্তৰ নাম উল্লেখ কৰি কৈছে যে- এই মিছন অৰ্থাৎ কামৰ বাবে আৰক্ষী বিষয়াগৰাকীয়ে তেওঁক ১ কোটি টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। ইফালে, আলফা স্বাধীনে এক বিবৃতিযোগে এই ভিডিঅ’টো সংবাদ মাধ্যমে প্ৰচাৰ-সম্প্ৰচাৰ কৰিব বুলি আশা কৰা কথা উল্লেখ কৰিছে।

আনহাতে, আলফাৰ কেম্পত বন্দী সঞ্জীৱ শৰ্মাই ভিডিঅ’টোত কয় যে- ”মই সঞ্জীৱ শৰ্মা, ঘৰ গুৱাহাটীৰ সমীপৰ বাইহাটা চাৰিআলিত। মোৰ এজন দাদা আছিল। নাম অপূৰ্ব কুমাৰ শৰ্মা। মোৰ দাদা পাৰা কোমাণ্ডো আছিল। আজিৰ পৰা দুই তিনি মাহ আগত মণিপুৰত এম্বুশ্বত তেখেতক হত্যা কৰা হৈছিল। মোক অসম আৰক্ষীৰ বিষয়া পাৰ্থ সাৰথি মহন্তই এই হত্যাকাণ্ডৰে আলফা স্বাধীন জড়িত হৈ থকা বুলি জনাইছিল। তাৰ পূৰ্বে মোৰ দাদা অপূৰ্ব কুমাৰ শৰ্মা তেখেত মোক কিছুমান প্ৰশিক্ষণ দিছিল। অকল মোক বুলি নহয়, আমি অসমীয়া যুৱক কেইবাজনো আছিলো। পিষ্টলত গুলী কেনেকৈ ভৰাই, গুলী কেনেকৈ মাৰিব লাগে, কেৰাটে, মাৰ্শ্বেল আৰ্ট, চেল্যুট কৰা এইবোৰ শিকাই দিছিল। আৰু এইবোৰ শিকাই মিলি মই আলফা স্বাধীনত যোগদান কৰা কথা কৈছিল সিহতি। পাৰ্থ সাৰথি মহন্তই মোক আলফা স্বাধীনত যোগদান কৰা কথা কৈছিল। আৰু মোক আলফা স্বাধীনত যোগদান কৰি ডাঙৰ বন্দুকৰ প্ৰশিক্ষণ লৈ আলফা স্বাধীনৰ কিছুমান যিবোৰ মানুহ আমাৰ দাদা অপূৰ্ব কুমাৰ শৰ্মাৰ মৃত্যুৰ আঁৰত আছে তেওঁলোকক হত্যা কৰিবলৈ মোক কৈছিল। আৰু ক’ত কিমান কেম্প আছে সেইবোৰ মোক চাবলৈ কোৱা হৈছিল। সেইবোৰ চাই মিলি ধুনুমণি শইকীয়া তেখেত যোৰহাটৰ হয়, তেখেতে আৰু মোৰ দৰে অসমীয়া যুৱক ১০জনমান ২০২৩ত পঠাম বুলি মোক কৈছিল। কেইবাজনো আহিব বুলি মোক কৈছিল। মই আলফা স্বাধীনত যোগদান কৰাৰ আগত মোক পাছৱৰ্ড দিয়া হৈছিল। পাছৱৰ্ডটো আছিল ৭৮৯৬। এইটো পাছৱৰ্ড মোক আলফা স্বাধীনত যোগদান কৰাৰ আগত কৈছিল। তাৰ এদিন আগত মোক আলফা স্বাধীনত যোগদান কৰাৰ তিনিদিন আগত চেল্যুট দিয়াৰ কথাও কৈছিল। এই মিছনটোত যদি মই সফল হওঁ আৰু প্ৰতিশোধ ল’ব পাৰো তেতিয়া মোক ১ কোটি দিম বুলি পাৰ্থ সাৰথি মহন্তই কথা দিছিল। আৰু ২০২৩ত সিহঁতে কিবা কিবা বোমা ব্লাষ্ট সেইধৰণৰ চিন্তা পৰিকল্পনা কৰিছিল। আৰু ইয়াত আহি সিঁহতৰ লগত মোক লগ কৰিবলৈ কৈছিল। আৰু মোক এইবোৰ চোৱাচিতা কৰিবলৈ কোৱা হৈছিল। ক’ত কিমান শিবিৰ আছে সেইবোৰ চাবলৈ কোৱা হৈছিল। মই আগতেও এনেকুৱা মিছন কৰিছিলো। অকল মই নহয়, অসমীয়া যুৱক ভালে কেইজনে আছিল। আমি মিলি বহুত মিছন কম্প্লিট কৰিছিলো।”

লগতে ভিডিঅ’টো সঞ্জীৱ শৰ্মাই কয়- ”মই আজিৰে পৰা কেইমাহমান আগত এটা ড্ৰাগছ বেপাৰীক ধৰিছিলো। যিটো কাৰণে মোক ১০ হাজাৰ টকা দিয়া হৈছিল। আৰু এটা মিছন কম্প্লিট কৰিছিলো। সেইটো মিছনত এজন মাষ্টৰক ধৰিছিলো। তেওঁ ধৰ্ষণকাণ্ডত লিপ্ত আছিল বুলি কোৱা হৈছিল। তেওঁক ধৰা কাৰণে মোক ২০ হাজাৰ টকা দিছিল। মাষ্টৰজনৰ ঘৰ নলবাৰীত আছিল। তেখেতক ধৰি দিয়াৰ বাবে মোক পাৰ্থ সাৰথি মহন্তই ২০ হাজাৰ টকা দিছিল। আৰু এনেকুৱাকৈ যিবোৰ মিছন সিহঁতি কৰিব নোৱাৰে সেইবোৰ আমি কম্প্লিট কৰিছিলো। মানে আমি গোপনে কম্প্লিট কৰিছিলো সেইবোৰ মিছন। যিবোৰ মিছন পুলিচ বা আৰ্মীয়ে কম্প্লিট কৰিব নোৱাৰে। সেইবোৰ মিছন আমি গোপনে কম্প্লিট কৰিছিলো। কেৱল মই নহয়, আৰু ভালে কেইজনো আছে। আমি যিবোৰ মিছন কম্প্লিট কৰাৰ পাছত সিহঁতি পইচা পাই, তাৰ পৰা আমাক ৩০ শতাংশ, ২০ শতাংশ তেনেকুৱাকৈ আমাক দিছিল। সেই কাৰণে আমি কাম কৰিছিলো তেওঁলোকৰ লগত। আৰু পাৰ্থ সাৰথি মহন্তই এইবোৰ কামৰ বাবে মোক আলফা স্বাধীনত যোগদান কৰিবলৈ পঠাইছিল। আৰু এইটো উদ্দেশ্য লৈ মই আলফা স্বাধীনত যোগদান কৰিবলৈ মই আহিছিলো। আৰু যদি এই মিছনৰ সময়ত মই কেনেবাকৈ ধৰা পৰো তেন্তে মোক মিছা কথা ক’বলৈ কৈছিল। মোক ধুনুমণি শইকীয়াই মিছা কথা ক’বলৈ কৈছিল। তেখেতে মোক কৈছিল যে পাৰ্থ সাৰথি মহন্ত নহয়, পাৰ্থ প্ৰতীম হাজৰিকা বুলি ক’বলৈ কৈছিল। ধুনুমণি শইকীয়াই এইবোৰ মিছা কথা ক’বলৈ মোক কৈছিল। মই আলফা স্বাধীনত যোগদান কৰাৰ আগত প্ৰায় এসপ্তাহমান আগত পাৰ্থ সাৰথি মহন্ত আৰু ধুনুমণি শইকীয়া আৰু কেইবাজনো ডাঙৰ ডাঙৰ আৰ্মী অফিচাৰে মিটিং কৰিছিল। মোক সেইখন মিটিঙলৈ যাব দিয়া হোৱা নাছিল। মোক ইমান ভালকৈ কোৱা নাছিল। সেইখন মিটিঙৰ পাছৰে পৰা মোক এনেদৰে পঠাইছিল আৰু আলফা স্বাধীনত যোগদান কৰিবলৈ কৈছিল সেইখন মিটিং শেষ কৰি।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply