আলফা স্বাধীনৰ প্ৰেছ বিবৃতি

নিউজ ডেস্ক: টাটা টী-ৰ বিৰুদ্ধে এইবাৰ আলফাৰ ভাবুকি৷ প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ আৰু থলুৱাক নিযুক্তি নিদিলে টাটা টীৰ ব্যৱসায় বন্ধ কৰাৰ হুংকাৰ৷

সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসমে সংবাদমাধ্যমলৈ পঠিওৱা প্ৰেছ বিবৃতিত এইকথা প্ৰকাশ কৰিছে ।
বিবৃবিটোত আলফা স্বাধীনে মুকলি ভাবে টাটা টীক ভাবুকি দি লিখিছে শীঘ্ৰে প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰৰ দাবী কৰিছে সংগঠনটোৱে ।

কোম্পানীটোত কেৱল থলুৱা যুৱক-যুৱতীক নিযুক্তিৰো দাবী কৰিছে ।
অন্যথা কোম্পানীটোৰ ব্যৱসায় বন্ধ কৰাৰ ভাবুকি ।
কোম্পানীটোৰ কৰ্মচাৰীক অসমত ভ্ৰমণ কৰিবলৈ নিদিয়াৰো ভাবুকি দিয়া হৈছে ।

প্ৰয়োজন হ’লে টাটা টীৰ সকলো বাগিচা বন্ধ কৰাৰ হুমকি আলফা স্বাধীনৰ ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply