গুৱাহাটী : ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুই কিক বক্সাৰৰ লগত তিনি গৰাকী মহিলাই আলফা (স্বাধীন)ত যোগদান কৰাৰ সন্দেহে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। বৰ্তমানলৈকে এই সন্দৰ্ভত সঠিক তথ্য জানিব পৰা হোৱা নাই। অসম আৰক্ষীৰ ফালৰ পৰাও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই।
পাঁচ গৰাকী মহিলাৰ আলফা (স্বাধীন)ত যোগদান কৰা সন্দেহৰ বাতৰিয়ে ৰাজ্যৰ সংবাদ মাধ্যম দখল কৰি ৰখাৰ সময়তে এই সন্দৰ্ভত আলফা (স্বাধীন)ৰ ফালৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে। সংবাদ মাধ্যমলৈ মেইল প্ৰেৰণ কৰি আলফা (স্বাধীন)ৰ ফালৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে।
মেইলত পাঁচ গৰাকী মহিলাই আলফা (স্বাধীন)ত যোগদান কৰিছে নে নাই এই সন্দৰ্ভত স্পষ্টভাৱে উল্লেখ কৰা হোৱা নাই যদিও মহিলা কেইগৰাকীৰ আলফা (স্বাধীন)ত যোগদনা কৰা ঘটনাটোকলৈ ইমানকৈ আস্ফালন কৰাটো অপ্ৰয়োজনীয় বুলি উল্লেখ কৰে। কোনোবা যুৱতীয়ে সংগঠনত যোগদান কৰাৰ অৰ্থ নহয় যে সংগঠনৰ কোনোবা সদস্যৰ লগত যুৱতী গৰাকীৰ প্ৰেমৰ সম্পৰ্ক থাকিব বুলিও উল্লেখ কৰা হয়।
লগতে পঢ়ক : Assam Rifles Exam 2021 : অসম ৰাইফলছৰ নিযুক্তি পৰীক্ষাৰ প্ৰৱেশ পত্ৰ জাৰি
স্পষ্ট প্ৰমাণ নাথকাকৈ কেৱল অনুমানত ভিত্তি কৰি কোনো ধৰণৰ কথা কব নালাগে বুলিও আলফা (স্বাধীন)ৰ ফালৰ পৰা অহা মেইলত উল্লেখ কৰা হয়। উল্লেখ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুই কিক বক্সাৰৰ লগতে তিনি গৰাকী মহিলাই আলফা (স্বাধীন)ত যোগদান কৰিছে নে নাই এইয়া এতিয়াও স্পষ্ট হোৱা নাই।