অনুপম শইকীয়া

নিপকোৰ উমৰাংচু জলবিদ্যুত প্ৰকল্পত আজি হোৱা জলবিষ্ফোৰণত প্ৰকল্পটোৰ দুজন বিষয়া সহিতে তিনিজন লোকৰ মৃত্যু হয়।
নদীবান্ধৰ লগত টাৰবাইন সংযোগী পানী পৰিবাহী পাইপত হোৱা ভয়ংকৰ বিষ্ফোৰণৰ ফলত তেওঁলোকৰ মৃত্যু হয়।

নিহত অভিযন্তা দুজন হৈছে জয়ন্ত শইকীয়া (প্ৰবন্ধক), অনুপম শইকীয়া (উপ-প্ৰবন্ধক)। দুয়োজন নিহত অভিযন্তাৰ ঘৰ যোৰহাটত।
আনজন নিহত কৰ্মচাৰীৰ নাম ডিমাৰাজ জোহৰী। তেওঁ ডিমাহাছাও জিলাৰ হাফলং তিনিআলিৰ।
উমৰাংছুৰ জলবিদ্যুৎ প্ৰকল্পত মৃত্যু হোৱা অভিযন্তা অনুপম শইকীয়াৰ ঘৰ যোৰহাটৰ বৰবৰুৱা টেকেলা গাঁৱত। টীয়ক কাৱৈমাৰিত প্ৰকৃত ঘৰ আছিল যদিও পিতৃয়ে নিগাজীকৈ যোৰহাটত ঘৰ নিৰ্মান কৰিছিল। যুৱ অভিযন্তা জনৰ অকাল মৃত্যুত যোৰহাটৰ লগতে টীয়ক কাৱৈ মাৰিত শোকৰ ছা পৰিছে।

লগতে পঢ়ক- নীপকোৰ জলবিদ্যুৎ প্ৰকল্পত জল বিস্ফোৰণ

যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা স্নাতক অনুপমে ২০১৩ চনত নীপকোত যোগদান কৰিছিল ৷ মৃত্যুৰ সময়ত অনুপমে পিতৃ-মাতৃৰ উপৰিও পত্নীসহ এটি ৭ মহীয়া পুত্ৰ সন্তান এৰি থৈ গৈছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,481 other subscribers

Leave a comment

Leave a Reply Cancel reply