কামপুৰ কচুৱা জাৰনিত বৰপানী নদীত আজি পুৱা উপঙি উটি গৈ থকা অৱস্থাত ৰাইজে প্ৰতক্ষ্য কৰে এটা মৃতদেহ ।
মৃতদেহটো ক’ভিডত মৃত্যু হোৱা লোকৰ বুলি সন্দেহ স্থানীয় ৰাইজৰ ।
কলৰ ভূঁৰত উটি যোৱা মৃতদেহটো প্লাস্তিকৰে মেৰিওৱা আছিল । স্থানীয় ৰাইজে উল্লেখ কৰা মতে পশ্চিম দিশলৈ মৃতদেহটো নদীৰ সোঁতত উটি গৈছে |
কোনে কেনেকৈ মৃতদেহটো বৰপানী নৈ উটাই দিলে জানিব পৰা নাই ৷
স্থানীয় আৰক্ষী এতিয়ালৈকে ঘটনাস্থলীত উপস্থিত হোৱা নাই |