ৰাষ্ট্রীয় কৃত বেংক ব্যক্তিগতকৰণৰ বিৰোধীতাৰে শুকুৰবাৰে ইউনাইটেড ফ’ৰাম অব বেংক ইউনিয়নৰ উদ্যোগত মহানগৰী চচলস্থিত ধৰ্ণা স্থলীত এক প্ৰতিবাদ সাব্যস্ত কৰা হয়।

প্ৰতিবাদী সকলে হাতে হাতে ফ্লেগ, বেনাৰ আদি লৈ বেংক বচাও দেশ বচাও, বেংক আইন বিধেয়ক বাতিল কৰক, বেংক ব্যক্তিগতকৰণ বন্ধ কৰক, দেশৰ অৰ্থনীতি সবল কৰক, বেংক ৰক্ষা কৰক, শীতকালীন অধিবেশনত বেংক আইন বিধেয়ক বাতিল কৰক আদি শ্লো গানেৰে ধৰ্ণা স্থলী উত্তাল কৰি তোলে।

বেংক ব্যক্তিগত কৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে অহা ১৬ আৰু ১৭ ডিচেম্বৰত দেশ জুৰি ধর্মঘট কাৰ্যসূচী পালন কৰা হব বুলি ইউনিয়নৰ নেতৃত্বই ঘোষণা কৰে। এই ধৰ্ণা স্থলীত দেশৰ দহ লাখ বিষয়া কৰ্মচাৰী প্ৰতিবাদ কৰি বেংকৰ কাম কাজ অচল কৰি তোলা হব বুলি ইউনিয়ন কৰ্তৃপক্ষই ঘোষণা কৰিছে।

এই ধৰ্মঘট কাৰ্যসূচীত দেশৰ সকলো জনসাধাৰণক সহযোগিতা কৰিবলৈ বেংক ইউনিয়নৰ তৰফৰ পৰা আহ্বান জনায়

লগতে পঢ়ক- নগাৱৰ কন্দলী ফায়েৰিং ফিল্ডৰ কাষত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply