নাজিৰাঃ নাজিৰা মহকুমাৰ অন্তৰ্গত শিমলুগুৰিস্থিত ইউনিটি ব্লাড ড’নাৰ গ্ৰুপৰ প্ৰসংশনীয় পদক্ষেপ ৷ গ্ৰুপৰ ৰক্তদাতা সদস্যসকলে ইউনিছ আলিৰ নেতৃত্বত নাজিৰা আৰু শিমলুগুৰি নগৰত পদপথ স্মশান আদিত নিশা অনাহাৰে থকা অসহায় লোকসকলক বিগত এমাহ ধৰি খাদ্য, বস্ত্ৰ যোগান ধৰি ৰাইজৰ ধন্যবাদৰ পাত্ৰ হৈছে ৷

লগতে পঢ়কঃবৰপেটাত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুজন ড্ৰাগছ ব্যৱসায়ী

নিশা হ’লেই এই গ্ৰুপৰ সদস্যসকল ওলাই আহি আৰ্তজনক সহায় কৰি আহিছে ৷ যোৱা ২৬ জানুৱাৰীত আৰম্ভ হোৱা ইউনিটি ব্লাড ড’নাৰ গ্ৰুপে বিপদৰ সময়ত প্ৰয়োজন অনুসৰি ৰক্তদান, বিনামূলীয়া অস্কিজেন চিলিণ্ডাৰ যোগান ধৰা আদি প্ৰশংসনীয় পদক্ষেপৰ জৰিয়তে নাজিৰা বাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply