হাইলাকান্দিঃ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে হাইলাকান্দি জিলাতো শান্তিপূৰ্ণ ভোটদানৰ বাবে জিলা প্ৰশাসনে সকলো প্ৰাৰম্ভিক প্ৰস্তুতি সম্পন্ন কৰিছে। হাইলাকান্দি জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ ৭১১ টা ভোটকেন্দ্ৰত এইবাৰ মুঠ ৪,৯৭,৪৫০ জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। ৭১১ টা ভোটগ্ৰহণ কেন্দ্ৰৰ মাজত ২৪৭ টা স্পর্শকাতৰ বুলি চিনাক্ত কৰা হৈছে।

হাইলাকান্দি উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া মেঘ নিধি দাহালে জনোৱা মতে, কোভিড মহামাৰীৰ ফলত এইবাৰ জিলাখনত ৫৫ টা ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা হৈছে।

হাইলাকান্দি জিলাৰ ৮০ ৰ উৰ্ধৰ ৩৯৫৪ জন আৰু বিশেষভাবে সক্ষম ৫১৮২ জন ব্যক্তিয়ে নিৰ্বাচন আয়োগৰ নতুন নিয়ম অনুসৰি পোষ্টেল বেলেটৰ মাধ্যমত ঘৰৰ পৰাই ভোটদান কৰিব পাৰিব। সমগ্ৰ বৰাক ভেলীত দ্বিতীয় পৰ্যায়ত ১ এপ্ৰিলত ভোটগ্ৰহন অনুষ্ঠিত হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply