নগাঁওঃ উত্তৰ-পূৰ্বাঞ্চলৰ অগ্ৰণী সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান অনুপ্ৰেৰণায়ে পোন প্ৰথমবাৰৰ বাবে বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ  উপেন্দ্ৰ বৰকটকীলৈ আগবঢ়াইছে “সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা সোঁৱৰণী বঁটা-২০২২”। 

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক যজ্ঞেশ্বৰ শৰ্মাৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি মংগল বাৰে ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ত বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। 

প্ৰতি বছৰে ৬ ডিচেম্বৰ তাৰিখে অসমৰ একোজনকৈ সাহিত্যিক, শিক্ষাবিদ সমাজ সেৱক সকলক নগাঁও মহাবিদ্যালয়ত অনুপ্ৰেৰণাৰ ফালৰ পৰা যজ্ঞেশ্বৰ শৰ্মা বঁটা প্ৰদান কৰিব বুলি জানিব দিয়ে অনুপ্ৰেৰণাৰ সম্পাদক দীপজ্যোতি শইকীয়াই।  

বঁটা প্ৰদান অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে উপস্থিত থাকে নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ শৰৎ বৰকটকী আৰু মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীও।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply