জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ অন্যতম শিক্ষানুষ্ঠান জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ক অসম চৰকাৰে আদৰ্শ বিদ্যালয়লৈ উন্নীত কৰাৰ কথা ঘোষণা কৰাৰ লগতে অহাবৰ্ষৰ পৰা এই আদৰ্শ বিদ্যালয়ত চি বি এছ চি আৰু ছেবাৰ বিষয়ৰ ওপৰত শিক্ষাদান কৰা হ’ব ৷ ইয়াৰোপৰি ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমতে ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নৰ সুবিধা লাভ কৰিব বুলি মন্তব্য কৰে বিদ্যালয়ৰ অধ্যক্ষ জীৱন বৰাই৷
লগতে পঢ়কঃস্বাধীনতাৰ ৭৫ বছৰ পিছত গড়ভাঙ্গাই পাব উচ্চ শিক্ষাৰ পোহৰ
ইতিমধ্যে বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে অসম চৰকাৰে তিনিকোটি টকা আৱণ্টন দিয়া বিষয়েও মন্তব্য কৰে তত্বাৱধায়ক শিক্ষক নিতুমনি বৰাই। বিগত দহবছৰে জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক মান অধিক উন্নত হোৱা বুলি মন্তব্য কৰাৰ লগতে বিদ্যালয়খনৰ পূৰ্বৰ মান অক্ষুন্ন ৰাখিবলৈ বিদ্যালয় কৰ্তৃপক্ষই সকলো ধৰণৰ চেষ্টা অব্যাহত ৰখা বুলি মন্তব্য কৰে অধ্যক্ষ আৰু তত্বাৱধায়ক শিক্ষক জীৱন বৰা আৰু নিতুমনি বৰাই ৷ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ক আদৰ্শ স্কুললৈ উন্নীত কৰাত অসমৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীৰ লগতে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক ধন্যবাদ জ্ঞাপন কৰে বিদ্যালয় কৰ্তৃপক্ষই ৷