গোৰেশ্বৰঃ বিজেপি মিত্ৰজোঁট চৰকাৰৰ অন্যতম ইউ পি পি এল দলৰ কৰ্মকাণ্ডই হতভম্ব কৰিছে সাধাৰণ ৰাইজক। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত চৰকাৰী বিদ্যালয় চৌহদতে উৰিল ইউ পি পি এলৰ দলীয় পতাকা।
যিটো সময়ত দেশৰ প্ৰধানমন্ত্ৰীয়ে ‘হৰ ঘৰ ত্ৰিৰংগা’ পদক্ষেপ গ্ৰহণ কৰিছে সেই সময়তে ইউ পি পি এল দলৰ এনে কৰ্মকাণ্ডই হতভম্ব কৰিছে সাধাৰণ ৰাইজক। গোৰেশ্বৰ শিক্ষাখণ্ডৰ অন্তৰ্গত গোৰেশ্বৰৰ নাৰামাৰী জনজাতি প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই আজৱ কাণ্ড। ইউপিপিএল দলৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুকুৰবাৰে পুৱাই চৰকাৰী বিদ্যালয়ৰ চৌহদত ইউপিপিএল দলে উৰুৱালে দলীয় পতাকা।
এই সন্দৰ্ভত বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ভাৰতী নাৰ্জাৰীয়ে সাংবাদিকৰ সন্মুখত কয় যে তেওঁৰ অজ্ঞাতে বেতনা ভিচিডিচিৰ উপাধ্যক্ষ উমা ৰাণী চৰকাৰৰ নেতৃত্বত দলীয় কৰ্মীসকলে এনেদৰে বিদ্যালয়ত দলীয় পতাকা উৰুৱাইছিল। সাংবাদিক যোৱাৰ খবৰ পাইহে বিদ্যালয়ৰ পৰা আঁতৰাই অনা হৈছে দলীয় পতাকা।