বাক্সা : বিগত কিছুদিন ধৰি তামুলপুৰৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীয়ে নিজৰ লাভালাভৰ বাবে মিত্ৰজোঁটৰ চৰকাৰখনকো অপমান কৰাৰ লগতে হাইকামাণ্ডকো তামুলপুৰ আৰু গোসাইগাঁৱত তেওঁ ব্যক্তিগতভাৱে ইউপিপিএল দলক সমৰ্থন নকৰো বুলি অভিযোগ নামা দাখিল কৰিছে। এই অভিযোগ উত্থাপন কৰিছে দৰঙাজুলি ব্লক ইউপিপিএলৰ উপ-সভাপতি জলেন দৈমাৰীয়ে।
ইউপিপিএলৰ উপ-সভাপতি গৰাকীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে প্ৰাক্তন বিধায়ক গৰাকীয়ে কোৱাৰ দৰে ইয়াত মিত্ৰজোঁটৰ কোনো ধৰণৰ সংঘাত হোৱা নাই। হাইকাণ্ডৰ নিৰ্দেশ মতে সকলোৱে দলৰ হৈ আৰু ৰাইজৰ হৈ কাম কৰি আছে। যোৱা বিধানসভা নিৰ্বাচনৰ সময়তো বিজেপি দলৰ পৰা তামুলপুৰ বিধানসভা সমষ্টিক ইউপিপিএল দলক এৰি দিয়াত প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীয়ে তেতিয়াৰ বিত্তীয় মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাদাল আখ্যা দিছিল বুলিও অভিযোগ কৰে দৰঙাজুলি ব্লক ইউপিপিএলৰ উপ-সভাপতি জলেন দৈমাৰীয়ে।
লগতে পঢ়ক : থাওৰাত ১৪ টা পথ পকীকৰণৰ আধাৰশিলা স্থাপন মন্ত্ৰী পীযুষ হাজৰীকাৰ
ইমানুৱেল মুছাহাৰীয়ে লগতে বিজেপিৰ দলৰ পতাকা জ্বলাই দিয়াৰ উপৰিও নিজৰ ব্যক্তিগত ক্ষমতা লাভৰ বাবেহে এনে ধৰণৰ কাণ্ড কৰিছে, বিজেপি দলটিক সক্ৰিয় কৰা ইমানুৱেল মুছাহাৰীৰ উদ্দেশ্য নহয় বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰে ইউপিপিএল নেতা জলেন দৈমাৰীয়ে।