নিউজ ডেস্কঃ ঘোষণা হ’ল কেন্দ্ৰীয় লোকসভা আয়োগ ২০২২ৰ চুড়ান্ত ফলাফল। আৰু তেজপুৰৰ ময়ুৰ হাজৰিকাই দেশৰ ভিতৰতে লাভ কৰিছে পঞ্চম স্থান।
স্থান লাভ কৰাৰ পাছতে ময়ুৰ হাজৰিকাই কয় যে- ‘মই বহুত সুখী। কষ্ট কৰিলে সকলোৱে সকলো কাম কৰিব পাৰে। মই পঞ্চম স্থান লাভ কৰিম বুলি ভবা নাছিলো। মই অনলাইন ক্লাছ কৰিছিলো। বাকী নিজেই যিমান পাৰো পঢ়িছিলো। আৰু ইউ পি এছ চিৰ প্ৰিলিমছ পৰীক্ষাৰ পৰা ভালকৈ পঢ়িবলৈ আৰম্ভ কৰিছিলো। ’
ইফালে, ময়ুৰ হাজৰিকাৰ মাতৃয়ে কয় যে- ‘বহুত ভাল লাগিছে। এয়া সম্পূৰ্ণ অসমবাসীৰ বাবে এটা ডাঙৰ কথা । ইয়াতকৈ আৰু ডাঙৰ সুখ চাগে নাই। ইমানখিনি যে আমি পাম আমি ভবা নাছিল।’
আনহাতে, পিতৃয়ে কয় যে- ‘ইমান ভাল ফলাফল পাম বুলি ভবা নাছিলো। শীৰ্ষ ১০০ স্থানৰ ভিতৰত থাকিব বুলি ভাবিছিলো। তাৰ সফলতাত অসমবাসী গৌৰৱাম্বিত হৈছে।’উল্লেখ্য যে, ময়ুৰ হাজৰিকাৰ লগতে লগতে UPSC ত ২৯৮ স্থান দখল কৰিছে অসমৰ মহম্মদ আইদুল আহমেদে।