চলিত বৰ্ষৰ ৬ জানুৱাৰীত লিডুত কয়লা খনিত কাম কৰিবলৈ ঘৰৰ পৰা ওলাই যোৱা প্ৰাঞ্জল মৰান নামৰ লোকজন নিৰুদ্দেশ হৈ আছিল ৷ তাৰ পাছতে ফেব্ৰুৱাৰীৰ ১ তাৰিখে লিডুৰ কয়লাখনিত দুজন লোকৰ মৃত্যু হোৱাৰ বাতৰি প্ৰকাশ হৈছিল। বাতৰি প্ৰকাশ পোৱা পাছতে ২ ফেব্ৰুৱাৰীত কয়লাখনিৰ মানুহ প্ৰাঞ্জলৰ ঘৰত গৈ উপস্থিত হৈছিল আৰু প্ৰাঞ্জলৰ পত্নি ঊৰ্বশী মৰাণৰ হাতত পাঁচ লাখ টকা দিব বিচাৰিছিল প্ৰাঞ্জলৰ মৃত্যু সন্দৰ্ভত৷ কিন্তু এটি তিনিবছৰীয়া সন্তানৰ সৈতে বসবাস কৰা প্ৰাঞ্জলৰ পত্নীয়ে লোৱা নাছিল সেই ধন, বৰং স্বামীক উলিয়াই দিবলৈ আহ্বান জনাইছিল৷
ঘটনা সন্দৰ্ভত প্ৰাঞ্জলৰ পত্নি ঊৰ্বশী মৰাণে লিডু আৰক্ষী থানাত কেইজনমান ব্যক্তিৰ নাম দি গোচৰ ৰুজু কৰিছিল যদিও প্ৰশাসনেও কোনো ব্যৱস্থা লোৱা নাছিল। অথচ তেওঁক কোৱা হৈছিল যে মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ হ’লে DGP অথবা কোনো মন্ত্ৰী–বিধায়কক লগ ধৰিব লাগিব আৰক্ষীৰ পৰা কোনো সহায় নোপোৱাত অৱশেষত কণমানি সন্তানক লৈ দুৰ্ভগীয়া মহিলাগৰাকীয়ে আৰক্ষী সঞ্চালকপ্ৰধানক লগ কৰিবলৈ আৰক্ষীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছিল। পত্নীৰ আহ্বান মৰ্মে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এইক্ষেত্ৰত সহায় কৰাৰ আশ্বাস দিছিল আৰু বিষয়টো সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছিল । তাৰ পিছতে প্ৰাঞ্জল মৰাণৰ সন্ধানত নামিছিল আৰক্ষী। তদন্তৰ পাছত গ্ৰেপ্তাৰো হৈছিল প্ৰাঞ্জল মৰানৰ মৃত্যু সন্দৰ্ভত জড়িত দুজনকৈ লোকক।
অৱশেষত অভিযানৰ পাছতেই লিডুৰ অবৈধ কয়লা খনিত নিৰুদ্দেশ হোৱা স্থানতেই উদ্ধাৰ হৈছে প্ৰাঞ্জল মৰানৰ মৃতদেহ। তাৰপাছতেই IGP জিৎমল দলে শুকুৰবাৰে প্ৰাঞ্জল মৰানৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি পত্নী ঊৰ্বশী মৰানক ফোনযোগে নিশ্চিত প্ৰদান কৰে IGP গৰাকীয়ে। ইতিমধ্যে ঘটনাস্থলিলৈ ৰাওনা হৈছে প্ৰাঞ্জল মৰানৰ পত্নী। আজি সন্ধিয়াৰ ভিতৰত মৃতদেহ পৰিয়ালক গতাব আৰক্ষীয়ে। ফোনযোগে নিশ্চিতি প্রদান কৰিলে IGP গৰাকীয়ে।
অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব মৃতদেহটো প্ৰাঞ্জল মৰানৰ হয় নে নহয়।