নিউজ ডেস্ক : অৰুণাচল প্ৰদেশৰ এখন কাৰাগাৰৰ পৰা কেইবা গৰাকীকৈ কয়দীয়ে পলায়ন কৰা এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। দেওবাৰে সন্ধিয়া অৰুণাচল প্ৰদেশৰ ছিয়াং জিলাৰ কাৰাগাৰৰ পৰা ৭ গৰাকীকৈ কয়দীয়ে পলায়ন কৰে।
পলায়ন কৰা কয়দী কেইজনক অভিজিৎ গগৈ, টাৰো হামাম, কালম আপাং, তালুম পাংয়িং, শুভাষ মণ্ডল, ৰাজা টায়েং আৰু ডানি গামলিন বুলি চিনাক্ত কৰা হৈছে।
কাৰাগাৰৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, দেওবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত নিশাৰ আহাৰ গ্ৰহণৰ বাবে লকআপ খুলি দিয়াৰ সময়ত এই ঘটনা সংঘটিত হয়। ‘কয়দী সকলে গাৰ্ডসকলৰ গাত জলকীয়া গুড়ি আৰু নিমখ ছটিওৱাৰ উপৰি তেওঁলোকক প্ৰহাৰ কৰে।’
উক্ত আক্ৰমণত কাৰাগাৰৰ মুখ্য কনিষ্টবল গৰাকীসহ মুঠ পাঁচ গৰাকী কনিষ্টবল আঘাতপ্ৰাপ্ত হয় বুলি উল্লেখ সূত্ৰটোৱে কয়, ‘মুখ্য কনিবষ্টলজনক কুঠুৰীৰ তলাটোৰে প্ৰহাৰ কৰা হয় আৰু তেওঁৰ মোবাইল ফোন কাঢ়ি নিয়ে।’
সূ্ত্ৰটোৰ মতে, ঘটনা সংঘটিত হোৱা ছিয়াং জিলাৰ সদৰ পাচিঘাটত থকা ন্যায়িক কাৰাগাৰখনত মঠ ৯৪ গৰাকী কয়দী আছিল আৰু ১০ গৰাকী গাৰ্ড কাৰাগাৰখনৰ নিৰাপত্তাৰ দায়িত্বত আছে।
পলায়ন কৰা কদয়ী কেইজনক বিচাৰি জিলাখনৰ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে যদিও বাতৰি লিখা পৰলৈকে কোনো এজন কয়দীক আটক কৰিব পৰা নাই। এই সম্পৰ্কত পূব ছিয়াঙৰ উপায়ুক্ত কিমি সিং আৰু আৰক্ষী অধীক্ষক সুমিত কুমাৰ ঝাৰ সৈতে যোগাযোগ কৰা হৈছিল যদিও এই পৰ্য্যন্ত কোনো সঁহাৰি পোৱা নাই।
লগতে পঢ়ক : অসম মূলৰ সমীৰ বেনাৰ্জী উইম্বলডনৰ জুনিয়ৰ চেম্পিয়ন