গুৱাহাটী : মেঘালয়স্থিত শৈক্ষিক প্ৰতিষ্ঠান University of Science & Technology Meghalaya চমকৈ USTM-এ National Assessment and Accreditation Council (NAAC) -ৰ ‘A গ্ৰেড’ স্বীকৃতি লাভ কৰিছে।

উল্লেখযোগ্য যে বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC)-ৰ দ্বাৰা গঠিত এক স্বতন্ত্ৰ গোট NAAC -এ দেশৰ উচ্চশিক্ষা প্ৰতিষ্ঠানসমূহৰ শৈক্ষিক মান বিচাৰ কৰে। ৮ বছৰ পুৰণি USTM হৈছে NAAC -ৰ পৰা ‘A গ্ৰেড’ লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়।

যোৱা ৩ নৱেম্বৰত NAAC -ৰ স্থায়ী সমিতিৰ বৈঠকত বিশ্ববিদ্যালয়খনলৈ উক্ত স্বীকৃতি আগবঢ়োৱা হয়, এই স্বীকৃতি অহা ৫ বছৰলৈকে প্ৰযোজ্য থাকিব।

NAAC -ৰ পৰা ‘A গ্ৰেড’ লাভ কৰাত আনন্দ প্ৰকাশ কৰি USTM-ৰ আচাৰ্য্য মহবুবুল হকে কয়, ‘আমাৰ প্ৰতি সদায় সমৰ্থন আগবঢ়াই অহা মেঘালয় চৰকাৰক মই অশেষ কৃতজ্ঞতা জনোৱাৰ লগতে USTM-ৰ সমূহ পৰিয়াল, আমাৰ সহযোগী তথা বিশেষকৈ ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকক ধন্যবাদ জনাইছো।’

‘দেশৰ এগৰাকী প্ৰসিদ্ধ শিক্ষাবিদ অধ্যাপক জি ডি শৰ্মাই উপাচাৰ্য্য হিচাপে আমাৰ প্ৰতিষ্ঠানখনক সঠিক দিশত আগবঢ়াই নিছে। পাঁচ বছৰীয়া এই স্বীকৃতি যোৱা ৫টা চামৰ ছাত্ৰ-ছাত্ৰীসকলে দেখুওৱা সফলতাৰ বাবে লাভ কৰা হৈছে,’ তেওঁ কয়।

বিশ্ববিদ্যালয়খনৰ এই সফলতাত দেশৰ লগতে বিশ্বৰ বিভিন্ন ঠাইৰ শিক্ষাৰ সৈতে ব্যক্তি তথা প্ৰতিষ্ঠানে তেওঁলোকক অভিনন্দন জনাইছে।

লগতে পঢ়ক : যোৰহাটৰ পূৰৱ শৰ্মালৈ শ্ৰেষ্ঠ চিনেমেটোগ্ৰাফাৰৰ সন্মান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply