গুৱাহাটী : গুৱাহাটী উচ্চ ন্যায়ালয়ে সোমবাৰে আই আই টি গুৱাহাটীত সংঘটিত ধৰ্ষণকাণ্ডৰ সৈতে জড়িত মূল অভিযুক্তৰ জামিন মঞ্জুৰ কৰিছে। ন্যায়ালয়ে অভিযুক্ত গৰাকীক এগৰাকী ‘মেধাৱী ছাত্ৰ’ আৰু আই আই টি গুৱাহাটীত উচ্চ শিক্ষা গ্ৰহণ কৰি থকা হেতুকে অনাগত দিনৰ মানৱ সম্পদ হিচাপে জামিনত মুকলি কৰি দিয়ে।
ভাৰতীয় দণ্ডবিধিক ৩৭৬/৩২৮/৩০৭/১২০বি ধাৰাৰ অধীনত বিচাৰ চলি থকা উৎসৱ কদম নামৰ অভিযুক্ত ছাত্ৰ গৰাকীৰ হৈ ন্যায়াধীশ অজিত বৰঠাকুৰৰ এজনীয়া বিচাৰপীঠৰ আগত অধিবক্তা কে এন চৌধুৰীয়ে যুক্তি প্ৰদৰ্শন কৰে।
অধিবক্তা চৌধুৰীয়ে কয় যে অভিযুক্ত গৰাকী আই আই টি গুৱাহাটীৰ কেমিকেল ইঞ্জিনিয়াৰিং বিভাগৰ বি টেক প্ৰি-ফাইনেল বৰ্ষৰ এজন অত্যন্ত মেধাৱী ছাত্ৰ। ইয়াৰ উপৰি ইতিমধ্য উক্ত গোচৰত ১২০ দিন ন্যায়িক জিম্মাত থকা ছাত্ৰজনৰ বিৰুদ্ধে ধৰ্ষণৰ কোনো বিশ্বাসযোগ্য প্ৰমাণ নাই বুলি তেওঁ কয়।
আনহাতে, ভুক্তভোগী ছাত্ৰী গৰাকীৰ হৈ ন্যায়ালয়ত যুঁজ দি অহা সুমীত্ৰা শৰ্মাই এনে এটা দণ্ডনীয় অপৰাধত অভিযুক্ত ছাত্ৰ গৰাকীক জামিনত মুকলি কৰা এই ৰায়ক ন্যায়ালয়ৰ এই ৰায়ক সজোৰে বিৰোধিতা কৰে।
লগতে পঢ়ক : আৰক্ষীৰ জালত পৰিল লাভ জেহাদৰ বলি হোৱা তেজপুৰৰ যুৱতীৰ মৃত্যুৰ ঘটনাৰ মূল নায়ক
উল্লেখযোগ্য যে যোৱা যোৱা ২৮ মাৰ্চত উৎসৱ কদম নামৰ গুৱাহাটী আই আই টিৰ ৰসায়ন বিজ্ঞান বিভাগৰ ছাত্ৰজনক ধৰ্ষণৰ এক গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। মুম্বাই নিৱাসী ছাত্ৰ গৰাকীয়ে প্ৰতিষ্ঠানটোত এইবাৰ হোলীৰ সময়ত অনুষ্ঠিত এক অনুষ্ঠানত এগৰাকী সহপাঠীক ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্ত হৈছিল।
উত্তৰ গুৱাহাটী আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ধাৰা ৩৭৬ৰ অধীনত ৫৩/২০২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হয়।
৩ এপ্ৰিলৰ পৰা আৰক্ষীৰ জিম্মাত থকা ঘটনাটোৰ মূল অভিযুক্ত উক্ত ছাত্ৰজনে বাৰম্বাৰ জামিন বিচাৰি আবেদন জনাই আহিছিল।