উত্তৰ প্ৰদেশত আজি পুৱাৰে পৰা আৰম্ভ হৈছে ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ। মুঠ ১০খন জিলাৰ ৫৭টা সমষ্টিত অব্যাহত আছে এই ভোটগ্ৰহণ। আজি ৬৭৬গৰাকী প্ৰাৰ্থীৰ ভাগ্য হব নিৰ্ণয়।
এই প্ৰাৰ্থীসকলৰ ভিতৰত আছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো। পুৱাই ভোটগ্ৰহন কৰি ৮০শতাংশ ভোটাৰ ৰাইজে বিজেপিক বিচৰাৰ দাবী কৰিলে মুখ্যমন্ত্ৰী যোগীয়ে।
এইবাৰ ৰেকৰ্ড কৰিব বুলিও দাবী কৰিলে আদিত্যনাথে।২০১৭ৰ নিৰ্বাচনত এই আসন সমূহৰ ভিতৰত ৪৬ খন আসন লাভ কৰিছিল বিজেপিয়ে।
ভোটাধিকাৰ সাব্যস্ত কৰিব ২.১৪ কোটি ভোটাৰে। ৮০শতাংশ ভোটাৰ ৰাইজে বিজেপিক বিচৰাৰ দাবী যোগী আদিত্যনাথৰ।