গুৱাহাটী : গুৱাহাটী উচ্চ ন্যায়ালয়ত শেহতীয়াকৈ খালী হৈছে ২২ পদ ৷ খালী হোৱা পদকেইটা গ্রেড–৩ পর্যায়ৰ৷ মুঠ পদৰ সংখ্যা ২২টা ৷ ইয়াৰ ভিতৰত অসংৰক্ষিত ১৩টা, অনুসূচিত জাতিৰ ৪টা, অনুসূচিত জনজাতি প্লেন ৩টা আৰু অনুসূচিত জনজাতি পাহাৰীয়া অঞ্চলৰ প্ৰাৰ্থীৰ বাবে ২টা পদ আছে ৷
এই পদ সমূহৰ বাবে এক বিজ্ঞাপন প্রকাশ কৰিছে উচ্চ ন্যায়ালয়ৰ পঞ্জীয়কে৷ আৰু অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে৷দৰমহাৰ নিৰিখ ২৭,৭০০–৭৭০/৩৩,০৯০–৯২০/৪০, ৪৫০–১০৮০/৪৪, ৭৭০টকা৷
আবেদন মাচুল হিচাপে এছ চি আৰু এছ টি শ্রেণীৰ প্রার্থীয়ে ২৫০ টকা পৰিশোধ কৰাৰ বিপৰীতে অন্যান্য শ্রেণীৰ প্রার্থীয়ে ৫০০ টকা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হকে পৰিশোধ কৰিব লাগিব৷ বিজ্ঞাপনটোত উল্লেখ কৰা মতে অৱশ্যে এই মাচুল দিব্যাংগ শ্রেণীৰ প্রার্থীয়ে পৰিশোধ কৰিব নালাগে৷
আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বিষয়ে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ইয়াত ক্লিক কৰক। সবিশেষ তথ্যৰ বাবে বিভাগীয় বিজ্ঞাপন চাবলৈ ইয়াত ক্লিক কৰক।
অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২৮ জুন ২০২১৷
লগতে পঢ়ক : বৃদ্ধি পালে Cash Withdrawal-ৰ চাৰ্জ; জানক ATM লেনদেনৰ নতুন সাল-সলনি