শুৱালকুছি : গুৱাহাটীৰ ডাঃ ভৱ দাস ফাউণ্ডেচনৰ উদ্যোগত আৰু শুৱালকুছি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত শুৱালকুছিৰ গণেশ দাস হাইস্কুল প্ৰাংগনত বিনামূলীয়া ক’ভিড ভেকচিন শিবিৰ। অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ সহযোগত ডাঃ ভৱ দাস ফাউণ্ডেচনে ক’ভিড প্ৰতিৰোধৰ উদ্দেশ্যে ঠায়ে ঠায়ে শিবিৰ অনুষ্ঠিত কৰি ১০ হাজাৰ লোকক বিনামূলীয়াকৈ ভেকচিন প্ৰদানৰ দিহা কৰিছে।
সোমবাৰে বস্ত্ৰনগৰী শুৱালকুছিত এই বিনামূলীয়া ক’ভিড ভেকচিন শিবিৰৰ শুভাৰম্ভ কৰা হয়। হেলথ্ চিটী হাস্পতালৰ ফেচিলিটী ডাইৰেক্টৰ পৰাগজ্যোতি দত্তই শিবিৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ক’ভিড প্ৰতিৰোধৰ প্ৰধান উপায় হ’ল ভেকচিন লোৱা আৰু চৰকাৰে নিৰ্দ্ধাৰণ কৰা ক’ভিড বিধি আখৰে আখৰে মানি চলা। ভেকচিনে ক’ভিড প্ৰতিৰোধহে কৰে, নিৰ্মূল নকৰে।
লগতে পঢ়ক : জামুগুৰিহাটত চেনিটাইজেচন কাৰ্যসূচী
পৰাগজ্যোতি দত্তই ভেকচিন লোৱাৰ পিছতো ক’ভিড বিধি মানি চলিবলৈ সকলোকে আহ্বান জনায়। পৰাগজ্যোতি দত্তই উল্লেখ কৰা অনুসৰি ডাঃ ভৱ দাস ফাউণ্ডেচনৰ উদ্যোগত ১০ হাজাৰ ভেকচিন প্ৰদানৰ উদ্দেশ্যে ইয়াৰ পিছত অন্যান্য স্থানতো শিবিৰ অনুষ্ঠিত কৰা হ’ব। সোমবাৰৰ ভেকচিন শিবিৰত ১৮ বছৰ উৰ্ধৰ প্ৰায় ২০০ জন লোকক প্ৰথম পালি ভেকচিন প্ৰদান কৰাৰ লগতে প্ৰথম পালি ভেকচিন লোৱাৰ পিছত ৮৪ দিন অতিক্ৰম কৰা একাংশ লোককো এই শিবিৰত দ্বিতীয় পালি ভেকচিন প্ৰদান কৰা হয়।