মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী মানকাচৰ চহৰত থকা মানকাচৰ বজাৰ গাঁও পঞ্চায়ত কাৰ্যালয়ৰ কাষত বিগত পাঁচ দিন ধৰি সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলা সমিতিয়ে ক’ভিড পৰীক্ষা কৰি ভেকচিন প্ৰদান কৰি থকা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে।সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰৰ উদ্যোগত বিগত পাঁচ দিন ধৰি সাধাৰণ ৰাইজক ভেকচিন প্ৰদানৰ কাৰ্যসূচী হাতত লোৱা হৈছে।
ক’ভিড প্ৰটকল মানি ভেকচিন ল’বলৈ অহা লোক সকলক ক’ভিড পৰীক্ষাৰ অন্তত ফলাফল নেগেটিভ হ’লেহে ভেকচিন প্ৰদান কৰা হয়। আনহাতে কাৰোবাৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিলে তেওঁক স্বাস্থ্য বিভাগে হোম কৰাইনটাইন কৰাৰ ব্যৱস্থা হাতত লৈছে। ৰাইজৰ সুবিধাৰ স্বাৰ্থত এইদৰে সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰৰ জিলা সমিতিয়ে এই কাৰ্যসূচী হাতত লোৱাটো বিশেষ তাৎপৰ্য বহন কৰিছে।
লগতে পঢ়ক : অসম চৰকাৰৰ আমোলা পৰ্যায়ত ৰদ-বদল
মন কৰিবলগীয়া যে ভেকচিন ল’বলৈ হ’লে ৰাইজ প্ৰথমে কেনেকৈ অনলাইন পঞ্জীয়ন কৰিব লাগে সেই বিষয়ে সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৰাইজক আগবত কৰে। উল্লেখ্য যে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নামনি অসমৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ক’ভিডৰ ব্যাপক সংক্ৰমণ পৰিলক্ষিত হৈছে।