গুৱাহাটী : গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকৰ ভেকচিনেশ্বন কেম্প। হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ১০০ গৰাকী সাংবাদিকক ভেকচিন প্ৰদান। গুৱাহাটী প্ৰেছ ক্লাৱৰ স্মাৰক পত্ৰৰ পিছতেই তৎপৰ চৰকাৰ। ১৮ ৰ পৰা ৪৪ বছৰ বয়সৰ সাংবাদিকক প্ৰদান কৰা হয় কভিডৰ ভেকচিন।

গুৱাহাটী প্ৰেছ ক্লাবত ১৮ ৰ পৰা ৪৪ বছৰ বয়সৰ সাংবাদিক সকলক গুৱাহাটী প্ৰেছ ক্লাবত প্ৰদান কৰা হয় কভিডৰ ভেকচিন। বুধবাৰে পুৱা ৯.৩০ মিনিটৰ পৰা আৰম্ভ হোৱা ভেকচিনেশ্বন কেম্পত অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে প্ৰথম পৰ্যায়ত ১০০ গৰাকী সাংবাদিকক দিয়া হয় কভিডৰ ভেকচিন। মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আৰম্ভ কৰা হয় সাংবাদিকৰ কভিড ভেকচিনেশ্বন কেম্প।

উল্লেখযোগ্য যে গুৱাহাটী প্ৰেছ ক্লাৱৰ কাৰ্যকৰী সমিতিয়ে সাংবাদিক সকলক ভেকচিন প্ৰদানৰ আহ্বানেৰে ৰাজ্য চৰকাৰলৈ প্ৰদান কৰা স্মাৰক পত্ৰৰ পিছতেই চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ। ৭ মে’ৰ পৰা আৰম্ভ হোৱা ১৮ ৰ পৰা ৪৪ বছৰ বয়সলৈ সাংবাদিকৰ ভেকচিনেশ্বন কেম্পৰ প্ৰথম কেম্প গুৱাহাটী প্ৰেছ ক্লাব অনুষ্ঠিত হয়।

সাংবাদিক সকল সমুখৰ শাৰীৰ যোদ্ধাৰূপে স্বীকৃতি দি ভেকচিন প্ৰদানৰ ব্যৱস্থা হাতত লোৱা বাবে চৰকাৰ তথা স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ কৃতজ্ঞতা জ্ঞাপন কৰে গুৱাহাটী প্ৰেছ ক্লাবৰ কৰ্তৃপক্ষই। বিভিন্ন খবৰৰ সন্ধানত যিসকলে সমুখৰ পৰা যুজঁ দি আহিছে অৰ্থাৎ যিসকলে বিভিন্ন স্থানলৈ গৈ বা-বাতৰি সংগ্ৰহ কৰিছে, সেইসকল সাংবাদিক, ফটো সাংবাদিক, ভিডিঅ’ জাৰ্ণালিষ্টকহে প্ৰাধান্য দিয়া হয় প্ৰথম পৰ্যায়ৰ ভেকচিনেশ্বন কেম্পত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply