মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তবৰ্তী মানকাচৰ বজাৰ গাঁও পঞ্চায়ত কাৰ্যালয়ৰ ওচৰত সোমবাৰৰ পৰা দক্ষিণ শালমাৰা-মানকাচৰ জিলা সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰ সন্থাই ক’ভিড পৰীক্ষা কৰি ভেকচিন প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য কৰি সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰ সন্থাই ৰাইজৰ সুবিধাৰ্থে ভাৰত-বাংলাদেশ সীমান্তবৰ্তী মানকাচৰত ৰাইজক ক’ভিড পৰীক্ষা কৰি ভেকচিন প্ৰদানৰ সুবিধা কৰি দিছে। ১৮ ৰ পৰা ৪৪ বছৰীয়া লোকক এই ভেকচিন প্ৰদান পৰা হৈছে। সোমবাৰৰ দিনটোত মুঠ ৪৪ জন লোকক ক’ভিড পৰীক্ষা কৰি ভেকচিন প্ৰদান কৰা হয়। সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰৰ এই কার্যসূচীৰ শুভাৰম্ভ কৰে মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতাই চন্দ্ৰ ৰায়ে।

আৰু পঢ়কঃদেওবাৰৰ দিনটোত দেশত হ্ৰাস পালে ক’ভিড আক্রান্ত লোকৰ সংখ্যা

সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰ সন্থাৰ ৰাজ্যিক সভানেত্ৰী ৰীতা ধৰ সাহাও উপস্থিত থাকে এই ভেকচিন প্ৰদান কাৰ্যসূচীত। উল্লেখ্য যে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে জিলাখনত দিনক দিনে ব্যাপক হাৰত বৃদ্ধি পাইছে ক’ভিড আক্রান্ত লোকৰ সংখ্যা। ভাৰত-বাংলাদেশ সীমান্তত কৰ্মৰত কেইবাগৰাকী বি এছ এফৰ জোৱানো ক’ভিডত আক্রান্ত হৈছে। জিলাখনত মৃত্যুৰ মুখত পৰিছে এজন ক’ভিড ৰোগী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply