নিউজ ডেস্ক: দেশত ক’ভিড সমস্যাই পুনৰ ভয়াবহ দিশলৈ গতি কৰিছে। যোৱা সময় চোৱাত ৩৩,৭৫০টা নতুন কেছ ধৰা পৰিছে। অমিক্ৰণত এতিয়ালৈকে ১৭০০ লোক আক্ৰান্ত হৈছে, ইয়াৰে ৬৩৯ জন সুস্থ হৈ উভতিছে। ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱালৈ চাই আজিৰে পৰা দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আৰম্ভ হৈছে ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ যুৱক যুৱতীক ভেকচিন দিয়া কাৰ্য।
ৰাজ্যৰ আন ঠাইৰ লগতে সোণাৰিতো ১৫ বছৰৰপৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীক ক’ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ কৰা হৈছে। সোণাৰিৰ বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই কাৰ্যসূচী আজি আৰম্ভ কৰা হয়। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে যৌথভাৱে শুভাৰম্ভ কৰে এই কাৰ্যসূচী। ক’ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী শুভাৰম্ভ কৰাৰ উদ্দেশ্যে বিদ্যালয় খনত এখন সজাগতা সভাও অনুষ্ঠিত হয়।

সমগ্ৰ বিশ্বতে সন্ত্ৰাস সৃষ্টি কৰা কৰণা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে আজিৰে পৰা ৭ দিনকৈ চলিব লগীয়া ১৫ ৰ পৰা ১৮ বছৰৰ কিশোৰ কিশোৰীক কভিড প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী চৰাইদেউ জিলাৰ মৰাণ মহাবিদ্যালয়ত মন্ত্ৰী যোগেন মহনে শুভাৰম্ভণি কৰে।
এই উদ্বোধনী অনুষ্ঠানত চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱা, মাহমৰা ৰাজহ চক্ৰৰ চক্ৰবিষয়াৰ ঈণ্ডিকা গগৈ, মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালি কোঁৱৰৰ লগতে কেইবাগৰাকী বিষয়া উপস্থিত থাকে। উল্লেখ্য যে আজিৰ দিনটোত সমগ্ৰ চৰাইদেউ জিলা খনত ৫৭০৫ ছাত্ৰ ছাত্ৰীক ভেকচিন প্ৰদান কৰে। আনহাতে সমগ্ৰ জিলা খনত প্ৰায় ১৯ হাজাৰ কিশোৰ কিশোৰীক কভিড প্ৰতিষেধক প্ৰদান কৰা হব বুলি জানিব দিয়ে ।

সমগ্ৰ ৰাজ্য লগতে পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ জিলা সদৰ হামৰেণতো ১৫-১৮ বছৰৰ শিক্ষাৰ্থীক কোভিড প্ৰতিষেধক দিয়াৰ শুভাৰম্ভণি কৰা হয় ৷ হামৰেণ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত উদ্বোদ্ধনী অনুষ্ঠানত জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়ববীয়া উপস্থিত থাকি শিক্ষাৰ্থীসকলক কোভিড প্ৰতিষেধক গ্ৰহণ সন্দৰ্ভত সজাগতা প্ৰদান কৰাৰ লগতে শিক্ষাৰ্থীক সকলক কোভিড প্ৰতিষেধক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে ৷
লগতে পঢ়ক- আজিৰে পৰা শিক্ষানুষ্ঠান বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ
আজিৰে পৰা ৰাজ্যৰ ১৫ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ক’ভিড টিকাকৰণ অভিযান আৰম্ভ হৈছে।
নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত জিলা প্ৰশাসনৰ উদ্যোগত, স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগৰ সহযোগত অনুষ্ঠিত কৰা ১৫-১৮ বছৰ বয়সৰ শিক্ষাৰ্থীৰ টিকাকৰণ শিবিৰৰ শুভাৰম্ভ কৰে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে।