গুৱাহাটী : গুৱাহাটীত ট্ৰাক চালক আৰু শ্ৰমিক সকলৰ বাবে বিনামূলীয়া ভেকচিন কাৰ্যসূচী। অপলো টায়াৰ হেলথ কেয়াৰ চেণ্টাৰৰ উদ্যগত বহিঃৰাজ্যৰ পৰা অহা ট্ৰাক চালক সকলৰ লগতে শ্ৰমিক সকলৰ বাবে ক’ভিড ভেকচিন প্ৰদানৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। মহানগৰীৰ বেহাৰবাৰীত অসম চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু গল্ড নামৰ বেচৰকাৰী সন্থাৰ সহযোগত অপলো টায়াৰ হেলথ কেয়াৰ চেণ্টাৰে আজিৰ পৰা এই ভেকচিন কাৰ্যসূচীৰ আৰম্ভণি কৰে।

দেশজুৰি মাৰাত্মক ক’ভিডৰ দ্বিতীয়টো ঢৌৱে তাণ্ডৱলীলা চলাই থকাৰ মাজতে ক’ভিডৰ সংক্ৰমণৰ পৰা জনসাধাৰণক ৰক্ষা কৰাৰ বাবে তীব্ৰ গতিত চলি আছে ক’ভিড ভেকচিন কাৰ্যসূচী। বিভিন্ন চৰকাৰী-বেচৰকাৰী চিকিৎসালয় সমূহৰ লগতে কেইবাটাও দল-সংগঠন আৰু বেচৰকাৰী সন্থা আগুৱাই আহিছে ভেকচিন কাৰ্যসূচী ৰূপায়ণৰ বাবে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো স্বাস্থ্য বিভাগৰ সহযোগত বিভিন্ন দল-সংগঠন আৰু বেচৰকাৰী সন্থাই ভেকচিন কাৰ্যসূচীত আগভাগ লোৱা পৰিলক্ষিত হৈছে।

এইবাৰ বহিঃৰাজ্যৰ পৰা অসমলৈ অহা ট্ৰাক চালক সকলক ভয়াবহ ক’ভিডৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু গল্ড নামৰ এক বেচৰকাৰী সন্থাৰ সহযোগত অপলো টায়াৰ হেলথ কেয়াৰ চেণ্টাৰে বেহাৰবাৰীৰ গণেশ মাৰ্কেটত ট্ৰাক চালক সকলৰ লগতে অঞ্চলৰ শ্ৰমিক সকলৰ বাবে ভেকচিন কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীত বহু লোকে ভেকচিন গ্ৰহণ কৰা পৰিলক্ষিত হয়।

লগতে পঢ়ক : আজি বিশ্ব চাইকেল দিৱস, টীয়কতো উদযাপন

উল্লেখ্য যে ভেকচিন দিয়াৰ পূৰ্বে প্ৰতিগৰাকী লোকৰ ক’ভিড টেষ্ট কৰা হয়। ক’ভিড ফলাফল নেগেটিভ আহিলেহে ভেকচিন প্ৰদান কৰা হয়। প্ৰথম পৰ্যায় ৪৫ বছৰ উৰ্ধ্বৰ লোক সকলক ক’ভিড টেষ্ট কৰি ভেকচিন প্ৰদান কৰা হৈছে। পৰৱৰ্তী সময়ত পদপথত বসবাস কৰা লোক সকলকো ক’ভিড ভেকচিন প্ৰদানৰ বাবে অপলো টায়াৰ হেলথ কেয়াৰ চেণ্টাৰে কাৰ্যসূচী গ্ৰহণ কৰিব। বৰ্তমান প্ৰতিদিনে ১০০ গৰাকী লোকক ভেকচিন প্ৰদান কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply