ক’ভিডত আক্ৰান্ত হৈ থকা বা প্ৰথম পালি ভেকচিন লোৱাৰ পিছত ক’ভিডত আক্ৰান্ত হোৱা লোকসকলে ক’ভিড-১৯ৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰাৰ ৩ মাহৰ পিছত ভেকচিন লোৱা উচিত।

বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ ফালৰ পৰা এই কথা কোৱা হয়। কেন্দ্ৰীয় চৰকাৰৰ নিতি আয়োগৰ সদস্য ডাঃ ভি কে পালৰ নেতৃত্বত গঠিত ‘এক্সপাৰ্ট গ্ৰুপ অন ভেকচিন এডমিনিষ্ট্ৰেচন’-এ দিয়া পৰামৰ্শমতে কেন্দ্ৰই এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

তদুপৰি সন্তানক স্তন্যপ্ৰাণ কৰি থকা মহিলাকো ভেকচিন গ্ৰহণ কৰিবলৈ স্বাস্থ্য মন্ত্ৰ্যালয়ে পৰামৰ্শ দিছে। ভেকচিন লোৱাৰ ১৪ দিন পিছত বা RT-PCR টেষ্টত নিগেটিভ অহা ব্যক্তিয়ে ৰক্তদান কৰিব পাৰিব বুলি বিশেষজ্ঞ গোটে পৰামৰ্শ দিয়ে।

লগতে পঢ়ক : কি হয় ব্লেক ফাংগাছ? জানক লক্ষণ আৰু প্ৰতিকাৰৰ উপায়

অৱশ্যে সন্তানসম্ভৱা মহিলাই ভেকচিন লোৱাৰ সন্দৰ্ভত এতিয়াও আলোচনা কৰি থকা হৈছে। যিসকল ৰোগীক প্লাজমা দিয়া হৈছে তেওঁলোকেও হাস্পতালৰ পৰা ঘৰলৈ উভতি যোৱাৰ তিনি মাহ পাছতহে কোভিড ভেকচিন লোৱা উচিত।

ইয়াৰ উপৰি কোনো লোক যদি জটিল ৰোগত আক্ৰান্ত হৈ আছে বা আই চি ইউত চিকিৎসাধীন হৈ আছে তেন্তে তেওঁলোকে ৪ সপ্তাহৰ পৰা ৮ সপ্তাহৰ পাছত কোভিড ভেকচিন ল’ব পাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,905 other subscribers

Leave a comment

Leave a Reply