নিউমোক'ক্কেল কনজ্যুগেট ভেকচিন

সোণাৰি : সমগ্ৰ অসমৰ লগতে চৰাইদেউ জিলাতো জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ যুটীয়া উদ্যোগত আজি সোণাৰি নগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নিউমোক’ক্কেল কনজ্যুগেট ভেকচিনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।

এই উপলক্ষে চৰাইদেউ জিলাৰ উপায়ুক্ত বিনীতা পেগুৰ পৌৰহিত্যত এখনি বৈঠক অনুষ্ঠিত হয়।

উক্ত বৈঠকত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে চৰকাৰে এই ক’ভিড-১৯ ৰ সময়ত স্বাস্থ্য বিভাগৰ জৰিয়তে ১বছৰৰ তলৰ শিশু সকলৰ বাবে নিউমোকক্কেল কনজ্যুগেট ভেকচিনৰ ব্যৱস্থা কৰাৰ বাবে শলাগ লয়।

লগতে বিধায়ক গৰাকীয়ে ক’ভিড-১৯ কালত স্বাস্থ্য বিভাগক শিশু সকলক নিউমোকক্কেল নিউমোনিয়া আৰু মেনিনজাইটিছ ৰোগৰ পৰা ৰক্ষা কৰিবলৈ বিশেষ ব্যৱস্থা ল’বলৈ আহ্বান জনায়।

আজিৰ সভাত উপায়ুক্ত বিনীতা পেগু, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালিকা ডা° নিজৰা দেৱী, অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া অমৃত শইকীয়াই ভাষণ আগবঢ়ায়।

উক্ত বৈঠকত অতিৰিক্ত উপায়ুক্তদ্বয় জাবেদ আৰমান, মৌচুমী চেতিয়া, জিলা টিকাকৰণ বিষয়া ডা° সুনীল হাজং, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা° নৃপেন বৰুৱা আৰু সহকাৰী আয়ুক্ত সমুজ্জল বড়াই অংশগ্ৰহণ কৰে।

লগতে পঢ়ক কাৰ্গিল যুদ্ধত প্ৰাণ আহুতি দিয়া শ্বহীদ কেপ্টেইন জিন্টু গগৈৰ আজি মৃত্যুতিথি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply