অহা ২৮ এপ্ৰিলৰ পৰা সমগ্ৰ দেশজুৰি হ’ব লগীয়া বৃহৎ ক’ভিড টীকাকৰণ অভিযানৰ বাবে পঞ্জীয়ন পৰ্ব আৰম্ভ কৰা হ’ব।
উল্লেখযোগ্য যোৱা ১৬ জানুৱাৰিৰ পৰা ভাৰতত ক’ভিডৰ টীকাকৰণ অভিযান চলি আছে যদিও বৰ্তমান ৪৫ বছৰৰ ওপৰৰ ব্যক্তি আৰু আগশাৰীৰ স্বাস্থ্যকৰ্মী সকলেহে টীকাকৰণৰ বাবে পঞ্জীয়ন কৰিব পাৰে।
যোৱা সোমবাৰে কেন্দ্ৰীয় চৰকাৰে অহা ১ মে’ৰ পৰা ১৮ বছৰৰ ওপৰৰ সকলো ব্যক্তিৰ বাবে টীকাকৰণ আৰম্ভ কৰা হ’ব বুলি ঘোষণা কৰিছিল।
২৮ এপ্ৰিলৰ পৰা ১৮ বছৰৰ ওপৰৰ প্ৰতিগৰাকী ব্যক্তিয়ে CoWin প্লেটফ’ৰ্মত নিজকে পঞ্জীয়ন কৰাব পাৰিব বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী হৰ্ষ বৰ্ধনে জানিবলৈ দিয়ে।
CoWin-ত পঞ্জীয়ন কৰাৰ পদ্ধতি জানিবৰ বাবে ইয়াত ক্লিক কৰক।