গুৱাহাটীঃ ৰাজ্যৰ স্বাস্থ্য সেৱাৰ উন্নয়নৰ নামত ৰাজ্য চৰকাৰে বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিছে যদিও কিছুমান স্পৰ্শকাতৰ বিষয়ত স্বাস্থ্য বিভাগ তথা ৰাজ্য চৰকাৰৰ গুৰুত্বহীনতাৰ বাবে উপযুক্ত চিকিৎসা নোপোৱাৰ বাবে বহু লোকে প্ৰাণ হেৰুৱাৰ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা যায়। বিশেষকৈ প্ৰতি বছৰে বাৰিষাৰ সময়ছোৱাত অসমত বহু লোকৰ সর্প দংশনত মৃত্যু হয় যদিও অতি স্পর্শকাতৰ এই বিষয়টোৰ সন্দৰ্ভত, চৰকাৰ তথা স্বাস্থ্য বিভাগৰ উদাসীনতা পৰিতাপৰ বিষয়।

এই সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্ধবিশ্বাসবিৰোধী নেতা তথা মানৱ অধিকাৰ কৰ্মী ড° দিবাজ্যোতি শ‍ইকীয়াই সংবাদ মাধ্যমক কয় চৰকাৰ তথা স্বাস্থ্য বিভাগে সৰ্প দংশনৰ চিকিৎসাৰ বিষয়টোত সঠিকভাৱে মনোনিবেশ নকৰি কেৱল এণ্টি-স্নেক ভেনাম বেজী যোগান ধৰিয়েই দায়িত্ব সামৰিছে। সর্প দংশনত আহত লোকৰ চিকিৎসাৰ বাবে চিকিৎসক-স্বাস্থ্যকৰ্মীৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে যদিও বিগত ৬-৭ বছৰৰ পূৰ্বে এই বিষয়ত স্বাস্থ্য বিভাগে একাংশ চিকিৎসকক মাষ্টৰ ট্ৰেইনাৰ হিচাপে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰে যদিও পৰৱৰ্তী সময়ত বিষয়টোত বিশেষ গুৰুত্ব দিয়া নহ’ল।

এই সন্দৰ্ভত লখিমপুৰ আৰু কামৰূপ জিলাৰ বিভিন্ন অঞ্চলত অনুসন্ধান কৰি জানিব পৰা মতে জিলাসমূহত সৰ্প দংশনৰ ৰোগীৰ বাবে আছুতীয়া কক্ষ, ডাক্তৰ নাৰ্চক প্ৰশিক্ষণ দিয়া বিষয়বোৰ কাৰ্যত পৰিণত নহ’ল। সমগ্ৰ অসমৰ চিকিৎসালয় সমূহত সজাগতা বা প্ৰশিক্ষণপ্ৰাপ্ত ডাক্তৰ নাৰ্ছৰ ব্যৱস্থা কৰা নহ’ল। যাৰ বাবে কি সাপে খুটিলে বা সাপে খোটা ৰোগীক এন্টি স্নেক ভেনাম বেজী দিব পৰা হ’বনে নাই তাৰো সিদ্ধান্ত যি কোনো চিকিৎসকে লব নোৱাৰে। ইফালে চিকিৎসালয়সমূহত প্রয়োজনীয় অভিজ্ঞ চিকিৎসক, আন্তঃগাঁথনিৰ অভাৱৰ বাবে সৰ্পই দংশন কৰা কৰা লোকক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিব নোৱাৰে আৰু এখন চিকিৎসালয়ৰ পৰা অন্য এখন চিকিৎসালয়লৈ ৰেফাৰ কৰিব লগা অৱস্থা হয়।

ইয়াৰ ফলত উপযুক্ত সময়ত চিকিৎসা নোপোৱাৰ বাবে বহু লোকৰ মৃত্যু ঘটিছে। সজাগতাৰ অভাবৰ বাবেও বহু লোকে অন্ধবিশ্বাসৰ বলি হৈ বেজৰ কাষ চাপি অৱশেষত নিজৰ আত্মীয়ক হেৰুৱাব লগা লগা হৈছে বুলিও কয় তেওঁ। শিৱসাগৰ জিলাৰ ডিমৌৰ বাহিৰে ৰাজ্যৰ অধিকাংশ জিলাতে এই সম্পর্কীয় চিকিৎসাৰ অভাৱ দৃষ্টিগোচৰ হয়। সেয়েহে এই সম্পৰ্কে উপযুক্ত ব্যবস্থা গ্ৰহণেৰে অন্ধবিশ্বাস দূৰ কৰি সাধাৰণ লোকক বচোৱাৰ ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি মানৱ অধিকাৰ সুৰক্ষিত কৰিবৰ বাবে বিশিষ্ট মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই চৰকাৰক দাবী জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,481 other subscribers

Leave a comment

Leave a Reply Cancel reply