অৰুণাচলৰ বিধায়ক নিনং এৰিং সম্পৰ্কে বৰ্ণ-বৈষম্যমূলক মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা পঞ্জাবৰ ইউটিউবাৰ পাৰশ সিঙক কঠোৰ ভাষাৰে সমালোচনা বলীউড তাৰকাৰ।

বলিউডৰ অভিনেতা বৰুণ ধাৱানে ইউটিউবাৰ গৰাকীক সমালোচনা কৰি তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰিত কয়, ‘অৰুণাচল প্ৰদেশত ইমান সময় অতিবাহিত কৰাৰ পিছত, এইটো কিমান ভুল সেই কথা নিজকে আৰু আনক বুজোৱাৰ সময় আহি পৰিছে।‘

বৰুণ ধাৱান কিছুদিন আগত পৰিচালক অমৰ কৌশিকৰ আহিবলগীয়া ছবি ‘ভেড়িয়া’ৰ শ্বুটিঙত অৰুণাচলত আছিল।

অভিনেতা গৰাকীয়ে অমৰ কৌশিকৰ এটা প’ষ্ট নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰিত শ্বেয়াৰ কৰি এইদৰে কয়।

অমৰ কৌশিকে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰিত উক্ত ঘটনাৰ এটা বাতৰি শ্বেয়াৰ কৰি ইউটিউবাৰ গৰাকীৰ কাণ্ডক গৰিহণা দিয়াৰ লগতে সকলো ইয়াৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান জনাইছিল।

উল্লেখযোগ্য যে পাৰশ সিং নামৰ যুৱকজনে দেওবাৰে নিজৰ YouTube চেনেল ‘Paras Official’-ত দিয়া এটা ভিডিঅ’ত বিধায়ক নিনং এৰিঙক ‘চাইনীজ’ বুলি কোৱাৰ উপৰি অৰুণাচল প্ৰদেশ চীনৰ অংশ বুলি মন্তব্য কৰিছিল। যুৱকজনে ভিডিঅ’টো পোষ্ট কৰাৰ পিছতে বহু তাৰকা ব্যক্তিয়ে টুইটৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যুৱকজনৰ মন্তব্যক গৰিহণা জনাইছিল।

লগতে পঢ়ক : ভাৰত চৰকাৰৰ বিৰুদ্ধে আইনী যুঁজত নামিল WhatsApp; নতুন নিয়মে খৰ্ব কৰিব নাগৰিকৰ গোপনীয়তাৰ অধিকাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply