মানকাচৰ : মানকাচৰৰ অসম-মেঘালয় সীমান্তবৰ্তী বাঘাপাৰা হাই স্কুলৰ গাঁৱৰক্ষী বাহিনীৰ সজাগতা সভা। সীমান্তবৰ্তী অঞ্চলত অপৰাধ নিয়ন্ত্ৰণৰ বাবে গাঁৱৰক্ষী বাহিনীৰ বিশেষ পদক্ষেপ। গছপুলি ৰোপন কৰি অনুষ্ঠানৰ শুভাৰম্ভ।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অসম-মেঘালয় সীমান্তবৰ্তী কালাপানী আৰক্ষী চকী এলেকাৰ অধীনস্থ গাঁৱৰক্ষী বাহিনীৰ সম্পাদক সকলৰ লগতে স্থানীয় সচেতন ব্যক্তি সকলক লৈ বিয়লি সজাগতা সভা অনুষ্ঠিত কৰা হয়। অসম-মেঘালয় সীমান্তবৰ্তী বাঘাপাৰা হাই স্কুলত অনুষ্ঠিত সজাগতা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সত্য ৰঞ্জন শইকীয়া।

কালাপানী আৰক্ষী চকী এলেকাৰ অধীনস্থ গাঁৱৰক্ষী বাহিনীৰ সম্পাদক সকলৰ সম্পাদক শেখ খাদেম আলী আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাত জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতাই চন্দ্ৰ ৰয়, গাঁৱৰক্ষী বাহিনীৰ চিওভিডিঅ’ আব্দুল লতিফ প্ৰধানী, দক্ষিণ শালমাৰা মানকাচৰ জিলা গাঁৱৰক্ষী বাহিনীৰ উপ উপদেষ্টা অধিবক্তা চৈয়দ আলী সহ কেবাজনো লোক। সজাগতা সভা অনুষ্ঠিত হোৱাৰ পূৰ্বে মুখ্য অতিথি আৰু বিশিষ্ট অতিথিয়ে হাই স্কুল চৌহদত গছপুলি ৰোপণ কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে।

লগতে পঢ়ক :  কেতিয়াবা যদি কমিছে, কেতিয়াবা আকৌ হুৰহুৰাই বাঢ়িছে আক্রান্তৰ সংখ্যা

অঞ্চলটোত বিভিন্ন অপৰাধৰ ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। স্থানীয় ৰাইজৰ সহযোগিতাৰ অবিহনে অপৰাধ নিয়ন্ত্ৰণ কৰাটো অতিকৈ কঠিন। আৰক্ষী আৰু স্থানীয় ৰাইজ একেলগে কাম কৰিলেহে অপৰাধ নিয়ন্ত্ৰণ কৰাটো সহজ হৈ পৰে। কালাপানী আৰক্ষী চকী এলেকাকে ধৰি অসম-মেঘালয় সীমান্তত সংঘটিত হৈ অহা বিভিন্ন অপৰাধ, নিচাজাতীয় দ্ৰব্য সেৱন, বাল্যবিবাহ, হত্যা, মাৰপিট আদি বন্ধ কৰাৰ উদ্দেশ্য এই সজাগতা সভা অনুষ্ঠিত কৰা হয় বুলি উদ্ধোগতা সকলে জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply