শিৱসাগৰঃ বটদ্ৰৱাত থানা জ্বলাই দিয়া কাণ্ডক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বীৰ লাচিত সেনা, অসমে। এক সংবাদমেল সম্বোধন কৰিছে বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সচিব শৃংখল চলিহাই কয় যে- ”অসমীয়া জাতিৰ সত্বাৰ ওপৰত আক্ৰমণ হ’লে তাৰ প্ৰত্যাক্ৰমন হ’বই।”

লগতে সংবাদমেল সম্বোধন কৰি শৃংখল চলিহাই কয়- ”এইখন চৰকাৰে বাংলাদেশীক ৰক্ষণা বেক্ষণ দিয়াৰ এখন আইন আনি থৈছে। আজি খিলঞ্জীয়া জাতি সত্বাটোৰ ওপৰত বাৰে বাৰে আক্ৰমণ কিয় হৈছে। ৬ বছৰে বিজেপিয়ে একো কৰা নাই, তাৰ আগতে কংগ্ৰেছে একো কৰা নাই।”

”যেতিয়া জাতি সত্বাৰ ওপৰত আক্ৰমণ হ’ব আমি জাতিটোৰ সৈতে থিয় দিম। কাইলৈ যে এই মানুহখিনিয়ে সত্ৰ জ্বলাই নিদিব তাৰ কি গেৰান্টী আছে…। এই অবৈধ মানুহখিনিৰ বেদখল উচ্চেদ কৰিব লাগিব। আমিনুল ইছলামৰ দৰে মানুহৰ গালত পূৰ্ণহতীয়া চৰ পৰিব লাগে।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply