নিউজ ডেস্ক: ২০১৪ চনৰ ৯ মে’ত পুৱা ৫.৩০ বজাত অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি ৰোগ বিভাগৰ আইচিইউত কৰ্তব্যৰত অৱস্থাত থকা ডাঃ সৰিতা তাস্নিৱালক এবছৰৰ জ্যেষ্ঠ চিকিৎসক তথা সহকৰ্মী ডাঃ দীপমণি শইকীয়া আৰু ৱাৰ্ড বয় কিৰু মেচে ধৰ্ষণ কৰি অস্ত্ৰোপচাৰৰ ব্লেডেৰে ডিঙি কাটি নৃশংসভাৱে হত্যা কৰিছিল।

উক্ত এই নৃশংসভাৱে হত্যাকাণ্ডটোৰে শুক্ৰবাৰে ডিব্ৰুগড় জিলা আৰু চেচন ন্যায়াধীশ আদালতে চূড়ান্ত ৰায়দান ঘোষণাৰ কথা আছিল। কিন্তু অভিযুক্ত ৱাৰ্ড বয় কিৰু মেচৰ অসুস্থতাৰ বাবে আদালতে ৰায়দানৰ দিন পিছুৱাব লগীয়া হয়। উক্ত গোচৰটোৰ বাবে আদালতে ১৭ মে’ত চূন্তাড় ৰায়দানৰ দিয়াৰ ঘোষণা কৰে।

উল্লেখ্য যে, ডাঃ সৰিতা তাস্নিৱালৰ চাঞ্চল্যকৰ ধৰ্ষণ সহ হত্যাৰ গোচৰটোৱে ৯ টা বছৰ গৰকিলে। ৯ টা বছৰ ধৰি আজিও সৰিতা তাস্নিৱালৰ পৰিয়ালৰ সদস্যই ন্যায় লাভৰ বাবে আশাৰে বাট চাই আছে।

লগতে পঢ়ক – খুচুৰা বজাৰত মাংসৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ব্যৱস্থাৰ সন্দৰ্ভত জনতা ভৱনত বৈঠকত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply