অৱশেষত অলেখ অনুৰাগীক ব্যথিত কৰি কভিডত আক্ৰান্ত হৈ জীৱন নাট সামৰিলে ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথমগৰাকী নায়িকা আৰু কলাগুৰু-নটসূৰ্য পৰিচালিত কালজয়ী চিনেমা ‘চিৰাজ’ৰ ‘ফাতেমা’ অনুপমা ভট্টাচাৰ্যই ৷

অনুপমা ভট্টাচাৰ্যই ‘নিমিলা অংক’, ‘নতুন পৃথিৱী’, ‘মানৱ আৰু দানৱ’, ‘মন আৰু মৰম’কে ধৰি প্ৰায় ১৪খন ছবিত অভিনয় কৰিছিল। নটৰাজ থিয়েটাৰত দুবছৰৰ বাবে চুক্তিবদ্ধ হৈ তেওঁ চিৰাজউদ্দোলা, কিয়, ভোগজৰা, কাশ্মীৰ কুমাৰী আদি নাটকত অভিনয় কৰে।

তেওঁ অনাতাঁৰ কেন্দ্ৰতো ঘোষিকা হিচাপে আৰু নাট্যশিল্পীও হিচাপে কাম কৰিছিল। ১৯২৮ চনৰ ১৯ আগষ্টত শিৱসাগৰৰ আমোলাপট্টিৰ প্ৰখ্যাত বেজবৰুৱা পৰিয়ালত অনুপমা ভট্টাচাৰ্যৰ জন্ম হৈছিল। অনুপমা ভট্টাচাৰ্যৰ মৃত্যু অসমীয়া সাংস্কৃতিক জগতৰ এটা যুগৰ অৱসান।

চল্লিশৰ দশকৰ পৰা সৌসিদিনালৈকে মঞ্চ, অনাতাঁৰ, চলচিত্ৰ আৰু দূৰদৰ্শনত অভিনয় কৰি গ’ল। বাল্য বিবাহ হৈছিল অনুপমা ভট্টাচাৰ্যৰ। উদয় ভট্টাচাৰ্যৰ সৈতে নবছৰ বয়সতে বিবাহ পাতি দিয়া হৈছিল। কিন্তু বিয়াৰ কেইমাহমানৰ পিছতে স্বামীৰ মৃত্যু হৈছিল। বিয়া-সংসাৰ কি বুজি পোৱাৰ আগতেই বৈধব্য সাজ পিন্ধিবলগীয়া হৈছিল অনুপমা ভট্টাচাৰ্যই।

স্বামীহাৰা হৈ ঘৰত থকা সময়তে বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মাই ‘ছিৰাজ’ত অভিনয়ৰ প্ৰস্তাৱ দিয়ে। সামাজিক বাধা নিষেধ নামানি অনুপমা ভট্টাচাৰ্যই অভিনয় কৰিবলৈ ওলাই আহে। তাৰেই ফলস্বৰূপে সমাজে তেওঁলোকৰ ঘৰখনক এঘৰীয়া কৰিছিল।

‘চিৰাজ’ত তেওঁ ‘ফাতেমা’ৰ চৰিত্ৰত দুৰ্দান্ত অভিনয় কৰিছিল। এই ‘চিৰাজ’ৰ চিত্ৰগ্ৰহণৰ সময়তেই সংগীত পৰিচালক, অসমীয়া মেলডী কিং শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ লগত পুনৰ বিবাহ সম্পন্ন হয়। অনুপমা ভট্টাচাৰ্যৰ ২২ বছৰ বয়সতে এটি কন্যা সন্তান জন্মৰ পিছতে শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ মৃত্যু হয়। সেই কন্যা সন্তানটিয়েই অসমীয়া সংগীত জগতৰ আন এক নক্ষত্ৰ ৰুণুমী ঠাকুৰ। কন্যাৰো অকাল মৃত্যু দেখিবলগীয়া হৈছিল ভট্টাচাৰ্যই। জীৱনকালত পাবলগীয়া স্বীকৃতিও নোপোৱাকৈ আমাৰ মাজৰ পৰা বিদায় ল’লে অনুপমা ভট্টাচাৰ্যই।

লগতে পঢ়ক- ঘাৰমৰা সত্ৰত ‘আধ্যাত্মিক চেতনা প্ৰবাহ আৰু নৱবৈষ্ণৱ ধৰ্ম ‘ উন্মোচন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply