উত্তৰ পূৰ্বাঞ্চলৰ স্বাস্থ্য খণ্ডত নতুন যুগৰ সূচনা কৰি আজি উপ -ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত পেট -এমআৰআই শাখাৰ শুভ উদ্ধোধন কৰে | অনুষ্ঠানত ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা সহ বহুজন উপস্থিত থাকে।
ভাৰতবৰ্ষৰ চৰকাৰী খণ্ডৰ চিকিৎসালয়ৰ ইতিহাসত প্ৰথমবাৰৰ বাবে স্থাপন কৰা এই উচ্চাভিলাষী পেট এম আৰ আই উয়িং প্ৰকল্পৰ জৰিয়তে কৰ্কট ৰোগৰ জটিল চিকিৎসা ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান খনত সম্ভৱ হৈ উঠিব যি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবেই সম্ভাৱনাৰ দুৱাৰ মুকলি কৰাত সক্ষম হব বুলি আশা কৰা হৈছে।
লগতে পঢ়ক-তিনিদিনৰ বাবে দুৰ্নীতি নিবাৰক শাখাৰ জিম্মালৈ চক্র বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰ
ইয়াৰ পূৰ্বে অসমত উপস্থিত হৈ উপ-ৰাষ্ট্রপতি এম ভেংকায়া নাইডুৱে গুৱাহাটীৰ পানবজাৰত উদ্বোধন কৰে ‘Heritage Cum Cultural Center’।
ইয়াৰ পিছত সন্ধিয়া কলাক্ষেত্ৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় সংহতি আৰু ৰাষ্ট্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে বিশিষ্ট লেখক ড° নিৰোদ কুমাৰ বৰুৱা, কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ন্যাসৰ অসম শাখা আৰু শ্বিলং চেম্বাৰ কয়ৰক ২০২১ বৰ্ষৰ লোকপ্রিয় গোপীনাথ বৰদলৈ বঁটা প্ৰদান কৰে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে।