গুৱাহাটীঃ অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাত কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ তোলা ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বন কৰিলে শিক্ষা সঞ্চালকালয়ে। চৰকাৰী শিক্ষক হৈ ক’চিং কৰাৰ অভিযোগত নিলম্বন ভিক্টৰ দাস। ভিক্টৰ দাস পূব পানীটেমা ৰাধাকৃষ্ণ যুগল প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছিল।
ভিক্টৰ Scordemy নামৰ এটা অনলাইন প’ৰ্টেলত প্ৰশিক্ষক ৰূপে কৰ্মৰত আছিল। মালিগাঁও আৰু ৰাজগড়ৰ দুটা কেন্দ্ৰত প্ৰশিক্ষণ প্ৰদান কৰে ভিক্টৰে। কোচিং চেণ্টাৰত পাঠদান কৰি থকা চাকৰি প্ৰত্যাশীয়ে ভিক্টৰৰ সন্মুখত অভিযোগ দিয়াৰ পৰিপ্ৰেক্ষিতত তেওঁ নিযুক্তি পৰীক্ষাত কেলেংকাৰি সংঘটিত হোৱাৰ বিষয়ে ব্যক্ত কৰিছিল।
নিযুক্তি পৰীক্ষাৰ প্ৰাৰ্থীৰ পৰা টকা লৈ নিযুক্তি দিয়াৰ বিষয়ে তেওঁ ছ’চিয়েল মিডিয়াত কৰা অভিযোগৰ পিছতে ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি হৈছিল। উৰাবাতৰি বিয়পোৱাৰ অভিযোগত অসম আৰক্ষীয়ে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰিছিল।