গুৱাহাটী : বছৰৰ শেষত ৰাজ্যৰ সংবাদ জগতলৈ আহিল বেয়া খবৰ। পথ দুর্ঘটনাত প্ৰাণ হেৰুৱালে ভিডিঅ’ জাৰ্নেলিষ্ট আইজুৰ আলীয়ে। অসম লাইভ ২৪ ৱেব পৰ্টেলৰ ভিডিঅ’ জাৰ্নেলিষ্ট আছিল আইজুৰ আলী।

নিশা কৰ্মস্থলীৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱালে আইজুৰ আলী নামৰ অসম লাইভ ২৪ নামৰ ৱেব পৰ্টেলৰ ভিডিঅ’ জাৰ্নেলিষ্ট। কালীপুৰত সংঘটিত হোৱা পথ দুর্ঘটনাত গুৰুত্বৰভাৱে আহত আইজুৰ অলীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

লগতে পঢ়ক : গোৰেশ্বৰ নাওকাটাৰ ডাবোখিলাত অনুষ্ঠিত হোৱা প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় ‘বুদ্দাই মেদায়’ মহোৎসৱৰ সফল সামৰণি

গুৰুত্বৰভাৱে আহত ভিডিঅ’ জাৰ্নেলিষ্ট আইজুৰ আলী গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। পথ দুর্ঘটনাত এগৰাকী প্ৰতিভাৱান ভিডিঅ’ জাৰ্নেলিষ্টৰ মৃত্যু হোৱাৰ ঘটনাই ৰাজ্যৰ সংবাদ জগতত শোকৰ ছাঁ পেলাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply