মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা: শৰীৰৰ বিভিন্ন ৰোগ নিৰাময়ৰ জনপ্ৰিয় থেৰাপী ভিগেন। মাৰ্ঘেৰিটা ভিগেন ইণ্ডিয়াৰ উদ্যোগত অনুষ্ঠিত হয় বিশেষ বৰ্ণাঢ্য কাৰ্য্যসূচী। ভিগেন ইণ্ডিয়া মা’ হেলথ কেয়াৰ থেৰাপী’ মাৰ্ঘেৰিটা কেন্দ্ৰত আজি দক্ষিণ কোৰিয়াৰ পৰা অহা ভিগেন ইণ্ডিয়াৰ চিঃইঃঅ চুনগুন পাৰ্ক আৰু ভিগেন ইণ্ডিয়া দিল্লীৰ মুখ্য কাৰ্য্যলয়ৰ জেনেৰেল মেনেজাৰ প্ৰীতি সিং উপস্থিত হয়।

এই উপলক্ষে বৰ্ণাঢ্য সাংস্কৃতিক দলে দুই গৰাকী বিশেষ অতিথিক আদৰণি জনোৱাৰ লগতে ভিগেন মাৰ্ঘেৰিটা কাৰ্য্যালয়ৰ তৰফৰ পৰা বহু সংখ্যাক ফুলাম গামোচা, জনগোষ্ঠীয় গামোচা, তামৰ জাপি, নেপালী টুপি, গছৰ পুলি, চাহ পাতৰ টোপোলাৰে বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।

মুকলি সভাত ৰোগীয়া দেহাক কি দৰে ভিগেন থেৰাপীৰ জৰিয়তে সুস্থ সবল কৰি ৰাখিব পৰা যায় সেই সম্পৰ্কে কোৰিয়ান ভাষাতে ভাষণ প্ৰদান কৰাৰ বিপৰীতে জেনেৰেল মেনেজাৰ প্ৰীতি সিঙে হিন্দী ভাষা অনুবাদ কৰি উপস্থিত ৰাইজক এই থেৰাপীৰ গুণাগুণ সম্পৰ্কে ব্যাখ্যা কৰে।

মাৰ্ঘেৰিটা তথা ইয়াৰ উপকণ্ঠ অঞ্চলৰ কেইবাগৰাকীও সন্মানীয় ব্যক্তি, জ্যেষ্ঠ নাগৰিক তথা মাৰ্ঘেৰিটাৰ কাৰ্য্যালয়ত নিয়মীয়াকৈ থেৰাপী গ্ৰহণ কৰা প্ৰায় ৫ শতাধিক ৰোগী এই অনুষ্ঠানত উপাস্থিত থাকে। অন্যহাতে ভিগেন ইণ্ডিয়া নষ্ট ইষ্টৰ ৰিজনেল ডাইৰেক্টৰ ৰেৱ বৰুৱাই সংবাদমাধ্যমৰ জানিবলৈ দিয়া অনুসৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৪৩টা কেন্দ্ৰত দৈনিক প্ৰায় ৮ হেজাৰ লোকে দক্ষিণ কোৰিয়াৰ জনপ্ৰিয় ভিগেন থেৰাপী সেৱা বিনামূলীয়াকৈ গ্ৰহণ কৰি যথেষ্ট উপকৃত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply