গুৱাহাটী : ৰাজ্যখনৰ শিক্ষাখণ্ডক অধিক উন্নত কৰি তােলাৰ লক্ষ্যৰে পঞ্চায়ত প্রতিনিধিসকলক জড়িত কৰি শিক্ষা সম্পর্কত জিলা আৰু খণ্ড উন্নয়ন পর্যায়ত একোখনকৈ ভিজিলেন্স আৰু মনিটৰিং সমিতি গঠন কৰিবলৈ পঞ্চায়ত আৰু গ্রামােন্নয়ন মন্ত্রী ৰণজিৎ কুমাৰ দাস আৰু শিক্ষা মন্ত্রী ডাঃ ৰনােজ পেগুৱে ঐক্যমত প্ৰকাশ কৰিছে। পঞ্চায়ত আৰু গ্রামােন্নয়ন মন্ত্রীৰ কার্যালয়ৰ সভাকক্ষত শিক্ষা মন্ত্রী ডাঃ ৰনােজ পেগু আৰু দুয়ােটা বিভাগৰে শীর্ষ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এক সভাত দুয়াে গৰাকী মন্ত্রীয়ে এই সিদ্ধান্ত গ্রহণ কৰে আৰু বিভাগীয় বিষয়াসকলক এই সন্দৰ্ভত প্রয়ােজনীয় মডেলিটি তথা নীতি-নির্দেশনা প্রস্তুত কৰিবলৈ নির্দেশ দিয়ে।

সভাত পঞ্চায়ত আৰু গ্রামােন্নয়ন মন্ত্রী ৰণজিৎ কুমাৰ দাসে কয় যে শিক্ষা ব্যৱস্থাৰ সৈতে পঞ্চায়াত প্রতিনিধিসকল জড়িত হ’লে শৈক্ষিক দিশৰ বিকাশত অৰিহনা যােগােৱাৰ লগতে শিক্ষা খণ্ডৰ আন্তঃগাঁথনি উন্নত কৰি তােলাৰ দিশত যথেষ্ঠ সহায়ক হ’ব। মন্ত্রী গৰাকীয়ে শিক্ষা সম্পৰ্কীয় জিলা পর্যায়ৰ ভিজিলেন্স আৰু মনিটৰিং সমিতিত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক আৰু খণ্ড উন্নয়ন পর্যায়ত বি ডি অ’ক কমিটীৰ অধ্যক্ষ কৰাৰ পােষকতা কৰে। পঞ্চায়ত প্রতিনিধিক সমিটিৰ সদস্য কৰাৰ উপৰি এই সমিতিত একো গৰাকীকৈ শিক্ষাবিদ তথা কৃতি শিক্ষকক সদস্য কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

উল্লেখ্য যে সভাত জিলা পর্যায়ৰ সমিতিবােৰত সংশ্লিষ্ট জিলাৰ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপাযুক্ত গৰাকীক সদস্য সচিব কৰি বিদ্যালয় সমূহৰ পৰিদৰ্শক অথবা জিলা প্রাথমিক শিক্ষা বিষয়াক সদস্য কৰি ৰখাৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ একোগৰাকী বিষয়াকো এই সমিতিত অন্তর্ভূক্ত কৰিবলৈ দুযােগৰাকী মন্ত্রীযে আলােচনা কৰি স্থিৰ কৰে। পঞ্চায়ত আৰু গ্রামােন্নয়ন মন্ত্রী গৰাকীয়ে সভাত কয় যে পঞ্চদশ বিত্ত আযােগৰ আনটাইড শিতানৰ পুঁজিৰে গ্রামাঞ্চলত বিদ্যালয় সমূহৰ আন্তঃগাঁথনি উন্নয়ন সাধনৰ কামত অগ্রাধিকাৰ প্ৰদান কৰাৰ বাবে সিদ্ধান্ত লােৱা হৈছে। সভাত শিক্ষা মন্ত্রী ডাঃ ৰনো জ পেগুৱে কয় যে পঞ্চায়ত প্রতিনিধিক শিক্ষা ব্যৱস্থাৰ সৈতে জড়িত কৰিলে ৰাজ্যখনৰ বিদ্যালয় সমূহৰ শৈক্ষিক দিশৰ লগতে আন্তঃগাঁথনি উন্নয়নৰ কাম-কাজে অধিক তৰান্বিত হ’ব।

লগতে পঢ়ক : চৰাইদেউ জিলাৰ বেংক বিষয়াৰে জিলা উপায়ুক্তৰ আলোচনা

মন্ত্রী গৰাকীয়ে কয় যে জিলা আৰু খণ্ড উন্নয়ন পর্যায়ত শিক্ষা সম্পৰ্কীয় এই সমিতি সমূহ গঠন হােৱাৰ পিছত পঞ্চায়ত প্রতিনিধিসকলে নিজ-নিজ এলেকাৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ সৈতে জড়িত বিষযয়া সমূহৰ লগতে শৈক্ষিক দিশৰাে নিৰীক্ষণ তথা তদাৰক কৰা সুযােগ পাব। সভাত পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ প্ৰধান সচিব ডাঃ জে বি এক্কা আৰু আযুক্ত সচিব জলী দাস ব্রহ্ম, শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী আৰু বিশেষ আয়ুক্ত প্রীতম শইকীয়া, পঞ্চায়ত আৰু গ্রামােন্নয়ন আয়ুক্ত হেমেন দাস আৰু সচিব মুনিন্দ্ৰ শৰ্মা, সর্বশিক্ষা অভিযানৰ সঞ্চালক ধ্ৰুৱজ্যোতি দাসৰ লগতে দুটো বিভাগৰে কেইবাগৰাকী বিষয়া উপস্থিত আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply