গুৱাহাটী – দুৰ্নীতিৰ বিৰুদ্ধে বুলড’জাৰ চলিছে অসমত! প্ৰতিদিনেই চৰকাৰী কাৰ্যালয়ত হাতে-লোটে ধৰা পৰিছে বিভিন্ন চৰকাৰী কৰ্মচাৰী। উৎকোচ লোৱা বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ অসহিষ্ণু নীতিয়ে প্ৰতিদিনে জালত পেলাইছে কৰ্মচাৰী। কালি বোকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ সংলগ্ন আবকাৰী বিভাগৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাই আজি দুপৰীয়াৰ পৰা সন্ধ্যা প্ৰায় পাঁচবজা পৰ্যন্ত আবকাৰী উপ-অধীক্ষক কাৰ্যালয়ত চলায় এক অভিযান৷ অভিযানত বোকাখাত মহকুমা আবকাৰী বিভাগৰ কাৰ্যালয় সহায়ক লোহিত ফুকনক গ্ৰেপ্তাৰ কৰে৷
বিলাতী সুৰা ব্যৱসায়ী নীলোৎপল ৰাজখোৱাৰ পৰা ধন লৈ থকাৰ সময়তে লোহিত ফুকনক হাতে-লোটে ধৰে দুৰ্নীতি নিবাৰক শাখাই৷ ৰাজখোৱাৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই কালি পুৱাৰে পৰা বোকাখাত মহকুমাধিপতি কাৰ্যালয়ত সাধাৰণ লোকৰ দৰে ঘূৰি থাকি লোহিত ফুকনক কাৰ্যালয়তে ধৰা পেলায়।
ইফালে তামুলপুৰৰ উপ পঞ্জীয়কৰ কার্যলয়ত কালি দুৰ্নীতি নিবাৰক শাখাই কাৰ্যালয়টোৰ পৰা গ্ৰেপ্তাৰ কৰে গোপীনাথ দাস নামৰ এজন কৰ্মচাৰীক। বিবাহ পঞ্জীয়নৰ নামত উৎকোচ লৈ থকা সময়তে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে লোকজনক।
দীৰ্ঘ দিনে কার্যলয়টোৰ কৰ্মচাৰী গৰাকীয়ে লোকৰ পৰা লৈ আহিছিল উৎকোচ। আজিও এক হেজাৰ টকা উৎকোচ লোৱাৰ পিছৰ হাতে লোতে ধৰাত পেলায় দলটোৱে। কার্যলয়টোৰ ভিতৰত অভিযানকাৰী দলটোৱে প্ৰায় ৫ ঘণ্টা সময়জুৰি তদন্ত আৰু জেৰা অব্যাহত ৰাখে। পাছ ঘণ্টাজোৰা জেৰা প্ৰক্ৰিয়াৰ অন্তত পঞ্জীয়কৰ কাৰ্যালয়ৰ পৰা লোকজনক লৈ যায় গুৱাহাটীলৈ।