পল্লৱ মিলি,লখিমপুৰ – বিদ্যালয় প্ৰাদেশিকৰণৰ আশা বাদ দি অৱশেষত জৈৱিক পদ্ধতিৰে উন্নত জাতৰ জাহাজী কলৰ খেতি কৰি অনাদৃত কৃষিভূমিক কেনেদৰে উপাৰ্জনমুখী কৰিব পাৰি তাৰে এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে ঢকুৱাখনাৰ জালভাৰীৰ এগৰাকী ভেঞ্চাৰ স্কুলৰ শিক্ষকে। বিগত ১৮ বছৰে বিনা বেতনেৰে শিক্ষকতা কৰা ধেমাজি শিক্ষাখণ্ডৰ অন্তৰ্গত মাছখোৱা মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক বিনোদ কোচে স্কুল প্ৰাদেশিককৰণৰ আশা বাদ দি অৱশেষত কম মাটিতে নিজৰ একাগ্ৰতা শ্ৰম আৰু মনোবল থাকিলে খেতি কৰিও যে স্বাৱলম্বী হ’ব পাৰি ইয়াৰ এক জলন্ত নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, যি সময়ত একাংশ যুৱকে চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাবলগীয়া হৈছে, তেনে সময়তে ঢকুৱাখনা জালভাৰীৰ গাঁৱৰ উচ্চ শিক্ষিত যুৱক বিনোদ কোচে প্ৰায় তিনি বিঘা মাটিত জাহাজী কলৰ খেতি কৰি প্ৰতি থোক কলৰ পৰা উপাৰ্জন কৰিছে ২৫০-৩০০ টকাকৈ। কীটনাশক দ্ৰব্য বৰ্জন কৰি সম্পূৰ্ণ জৈৱিকভাৱে উৎপাদন কৰা কলৰ খেতিয়েই এতিয়া উপাৰ্জনৰ মূল পথ হৈ পৰিছে বিনোদৰ।
স্থানীয় ৰাইজে বজাৰৰ পৰা কীটনাশক দ্ৰব্য দিয়া কল কিনাৰ সলনি সম্পূৰ্ণ জৈৱিক ভাৱে উৎপাদন কৰা কল বিনোদ কোচৰ বাৰীৰ পৰাই ক্ৰয় কৰি আহিছে৷ ইয়াৰ উপৰিও তেওঁৰ বাৰীৰ কল সম্প্ৰতি ঢকুৱাখনা, মাজুলী, গোগামুখ তথা তেজপুৰলৈও জাহাজী কল ৰপ্তানি হয়। ফলত কোনো অসুবিধা নোহোৱাকৈ ঘৰতে বহি কল বিক্ৰী কৰি ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে খেতিয়কগৰাকীয়ে। জাহাজী কল খেতিৰে স্বাৱলম্বী হোৱা বিনোদক দেখি স্থানীয় যুৱ প্ৰজন্মৰ বহুতেই খেতিৰ প্ৰতি আগ্ৰহী হোৱা পৰিলক্ষিত হৈছে৷
বিনোদে বৰ্তমানলৈ একমাত্ৰ জাহাজী কল খেতিৰ জৰিয়তে কোনো অসুবিধা নোহোৱাকৈ সুন্দৰভাৱে পৰিয়াল পোহপাল দি জীৱন নিৰ্বাহ কৰি আহিছে বুলি ইষ্টম’জ’ৰ সাংবাদিকক জানিবলৈ দিয়ে। ঢকুৱাখনা মহকুমা কৃষি বিষয়া গৌতম ডেকা আৰু কৃষি বিভাগৰ লোকে কলৰ বাৰী পৰিদৰ্শন কৰি উদ্যোগী কৃষকজনক পৰামৰ্শ দি অহাৰ কথা অৱগত কৰে বিনোদে। সময় নষ্ট নকৰি কৃষি কৰ্মৰ জৰিয়তে নিজৰ স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰিবলৈ স্থানীয় যুৱক-যুৱতী সকললৈ উদ্যমী যুৱকজনে আহ্বান জনায়।