বঙাইগাঁও : ছাত্ৰীক অশ্লীল প্ৰস্তাৱ মহাবিদ্যালয়ৰ শিক্ষকৰ। ছাত্ৰীক অশ্লীল প্ৰস্তাৱ দি থকা শিক্ষকৰ ফোন ৰেকৰ্ডিং ভাইৰেল। ছাত্ৰীক অশ্লীল প্ৰস্তাৱ দিয়া শিক্ষকজনৰ গ্ৰেপ্তাৰৰ দাবীত ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ।
গোসাঁইগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপকে এগৰাকী ছাত্ৰীক ফোনযোগে অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগ উত্থাপন হৈছে। অধ্যাপকজনৰ ফোন ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছে। অধ্যাপকজনৰ গ্ৰেপ্তাৰৰ দাবী বিভিন্ন দল-সংগঠনৰ লগতে ছাত্ৰ-ছত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।
লগতে পঢ়ক : অসম লোকসেৱাৰ আয়োগৰ পৰীক্ষাত নাথাকিব ভাষা বিষয়
গোসাঁইগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক জয়নাল আবেদিনৰ নিজ মহাবিদ্যালয়ৰ ছাত্ৰীৰ সৈতে অশ্লীল ফোন ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিছত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকল ক্ষোভিত হৈ উঠিছে। অধ্যাপক জয়নাল আবেদিনক নিলম্বন কৰাৰ দাবীত গোসাঁইগাঁও মহাবিদ্যালয়ত উপস্থিত হয় আছু, সদৌ বিটিআৰ বেংগলী ছাত্ৰ ফেডাৰেচন, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন আদিকে ধৰি বিভিন্ন দল-সংগঠনে দাবী জনাইছে।