গুৱাহাটীঃ প্ৰয়াত কন্ঠশিল্পী ভিতালী দাসৰ জ্যেষ্ঠ ভাতৃৰ মৃত্যু।
আজি পুৱা জি এম চি এইচত শেষ নিশ্বাস ত্যাগ কৰে প্ৰয়াত ভিতালী দাসৰ জ্যেষ্ঠ ভাতৃ পৰাগ দাসে।
ভগ্নী গুৰুতৰ ভাৱে অসুস্থ হোৱাৰ খবৰ পোৱাৰ দিনাই ১৮এপ্ৰিলত বাথৰূমত পৰিছিল ভাতৃ পৰাগ দাস।
১৫ এপ্ৰিলত ভগ্নী ভিতালীক চাবলৈ ICU ত সোমাইছিল তেওঁ ৷
প্ৰথমে জি এন আৰ চি আৰু পাছত জি এম চি এইচত ভৰ্তি কৰোৱা হৈছিল পৰাগ দাসক ৷
মগজুৰ ষ্ট্ৰোকত আক্ৰান্ত হৈছিল পৰাগ দাস।
অৱশেষত আজি পুৱাই মৃত্যু হয় পৰাগ দাসৰ।