গুৱাহাটীঃ পঞ্চভূতত বিলীন হ’ল জনপ্ৰিয় কণ্ঠশিল্পী তথা অসমবাসীৰ মৰমৰ শিল্পী ভিতালী দাসৰ নশ্বৰদেহ।
নৱগ্ৰহ শ্মশানত শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন হ’ল।
বুধবাৰে সকলোকে আচৰিত কৰা সেই দুঃখবৰটো আহিছিল ”কন্ঠশিল্পী ভিতালী দাস আৰু নাই। ”
এক মুহূর্তৰ বাবে যেন স্তব্ধ হৈ পৰিছিল সমগ্ৰ শিল্পীসমাজ।
সকলোৱে ছচিয়েল মিডিয়াৰ যোগেৰে শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰি শোকপ্ৰকাশ কৰে।
আজি দুপৰীয়া ভাগত চিকিৎসালয়ৰ পৰা গীতানগৰৰ বাসগৃহত শিল্পীগৰাকীৰ মৃতদেহ উপস্থিত হোৱাৰ লগে লগে কান্দোনত ভাঙি পৰিল শিল্পীগৰাকীৰ আত্মীয়-পৰিয়ালবৰ্গ।
উল্লেখ্য যে,কভিডত আক্ৰান্ত কণ্ঠশিল্পী ভিতালী দাস মহানগৰীৰ কালাপাহাৰস্থিত কভিড হস্পিতালত চিকিৎসাধীন হৈ আছিল।
কণ্ঠশিল্পী গৰাকীক যোৱা ১৪ এপ্ৰিলত চিকিৎসলায়ত ভৰ্তি কৰোৱা হৈছিল।
১৪ এপ্ৰিলত মহানগৰীৰ লতাশিল খেল পথাৰৰ বিহু অনুষ্ঠানত সংগীত পৰিৱেশন কৰিবলৈ যোৱা সময়ত কণ্ঠশিল্পী গৰাকী অসুস্থ হৈ পৰিছিল।
শিল্পীগৰাকীৰ মৃত্যুত সমগ্ৰ অসমতে শোকৰ ছাঁ পৰিছে।