নিউজ ডেস্ক: ডিব্ৰুগড়বাসী তথা দেশবাসীৰ বাবে এটি সুখবৰ । ডিব্ৰুগড়ৰ বাণীপুৰ ৰেলৱে ষ্টেচনৰ পৰা কন্যাকুমাৰীলৈ দেশৰ দীৰ্ঘতম যাত্ৰাপথৰ “বিবেক এক্সপ্ৰেছ” ৰেলগাড়ীৰ পুনৰ দেওবাৰৰ পৰা আগতকৈ অধিক চলাচলৰ পৰিমাণ বৃদ্ধি কৰি নতুন ৰূপত মুকলি কৰা হয় ।

দেওবাৰে শ্ৰম আৰু নিয়োগ বিভাগৰ মাননীয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে “FLAGGING OFF CEREMONY” ত অংশগ্ৰহণ কৰি ৰেলখনৰ শুভাৰম্ভণি কৰে।

উদ্ধোধন কৰি তেলীয়ে কয় যে, দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এতিয়া দেশৰ ইমূৰৰ পৰা সিমূৰলৈ যাবলৈ সকলো ক্ষেত্ৰতে সুচল ব্যৱস্থা সহজলভ্য হৈ পৰিছে।

লগতে তেওঁ কয়, দেশৰ ৰেল সেৱাতো নতুন নতুন সংযোজনেৰে এতিয়া প্ৰতিখন ৰাজ্যলৈ ৰেলসেৱা একেবাৰে সুচল হৈ পৰিছে।

ইফালে অনুষ্ঠানটোত উপস্থিত থকা ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে কয় যে, মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাৰতক বিশ্বগুৰু আসনত অধিষ্ঠিত কৰিবলৈ আন্তঃগাথঁনি উন্নয়নৰ ক্ষেত্ৰত লোৱা পদক্ষেপ সমূহৰ ভিতৰত এই ৰেলগাড়ীখনে এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব।

উল্লেখ্য যে, এতিয়াৰে পৰা বিবেক এক্সপ্ৰেছ – ২০৫০৪” ৰেলগাড়ীখন সপ্তাহত ৪ দিনকৈ চলাচল কৰিব। ৪২১৮.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ দীঘলীয়া পথছোৱা ৭৩ ঘণ্টা ৪০ মিনিট সময়ত অতিক্ৰম কৰি গন্তব্যস্থল পাবলৈ সক্ষম হ’ব। আঠখনকৈ ৰাজ্যৰ মাজেৰে অতিক্ৰম কৰি ডিব্ৰুগড়ৰ পৰা তামিলনাডুৰ কন্যাকুমাৰীলৈ যাত্ৰা কৰা এই ৰেলখনিৰ যাত্ৰা ভাৰতৰ ৰেলৱে সেৱা ব্যৱস্থাত আটাইতকৈ দীৰ্ঘতম ৰেল যাত্ৰা।

মন কৰিবলগীয়া যে, ভাৰতীয় ৰে’লৱেৰ ইতিহাসত বিবেক এক্সপ্ৰেছে এক উল্লেখযোগ্য স্থান দখল কৰিছে। ক’ভিড১৯ মহামাৰী আৰু তাৰ পিছত ২০২০ চনৰ মাৰ্চ মাহত দেশজোৰা লকডাউনৰ পিছত সমগ্ৰ ভাৰতীয় ৰে’ল যাত্ৰী সেৱা স্থবিৰ হৈ পৰিছিল সেইসময়ত কেৱল বিবেক এক্সপ্ৰেছ ৰে’লগাড়ীয়ে শেষলৈকে ইয়াৰ সেৱা আগবঢ়ায় আছিল।

এই অনুষ্ঠানত ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ আৰু ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ লগতে, ডিব্ৰুগড় ৰেলৱে সংমণ্ডলৰ পৰিচালক উত্তম প্ৰকাশ লগতে ৰেলৱে বিভাগৰ বহুকেইগৰাকী বিষয়া উপস্থিত থাকে।

লগতে পঢ়ক – মল্লযোদ্ধাৰ কাষত থিয় দিয়াৰ ঘোষণা কৰিছে সংযুক্ত কিষাণ মৰ্চাই

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply