গুৱাহাটী : ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ নামত নামাকৰণ অসমৰ চাহৰ। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ নামত চাহৰ নামাকৰণ কৰিলে ৰঞ্জিত বৰুৱাই। ৰাছিয়াৰ সন্মুখত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে যিদৰে শক্তিশালীস্থিতি দেখুৱাবলৈ সক্ষম হৈছে ঠিক তেনেধৰণ শক্তি আছে এই বিশেষ চাহৰ।

শক্তিশালী ৰাছিয়াৰ বিৰুদ্ধে ইউক্ৰেইনৰ নিচিনা এক সৰু দেশে যিদৰে যুদ্ধ কৰি গৈছে ইয়াকে দেখি বিশ্বৰ সকলো দেশ আচৰিত হৈছে। ৰাছিয়াই নিজৰ সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিও ইউক্ৰেইনক দমন কৰিবলৈ সক্ষম নোহোৱাৰ আঁৰত আছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ আত্মবিশ্বাস আৰু শক্তি।

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাত নিজৰ প্ৰাণৰক্ষাৰ বাবে ইউক্ৰেইন এৰি পলায়ন নকৰি ইউক্ৰেচনত থাকি ইউক্ৰেইনৰ সৈন্য আৰু ইউক্ৰেইনবাসীক সন্মুখৰ পৰা নেতৃত্বত প্ৰদান কৰি ভলোডিমিৰ জেলেনস্কিয়ে যি শক্তি আৰু সাহস দেখুৱাইছে ই সঁচাকৈ প্ৰশংসনীয়। অসমৰ এই চিটিচি চাহত আছে ভলোডিমিৰ জেলেনস্কিৰ শক্তিৰ দৰেই বুলি জানিবলৈ দিয়ে ৰঞ্জিত বৰুৱাই।

উল্লেখ্য যে ৰঞ্জিত বৰুৱাৰ প্ৰচেষ্টত গঢ় লৈ উঠা এৰ’ মিকা টি’ৰ বিভিন্ন প্ৰকাৰৰ চাহ এতিয়া দখল কৰিছে বিশ্বৰ কেইবাখনো দেশৰ চাহৰ বজাৰ। প্ৰথম অৱস্থাত পাঁচ প্ৰকাৰৰ চাহ প্ৰস্তুত কৰা এৰ’ মিকা টি’-এ এতিয়া ৪২ প্ৰকাৰৰ চাহ প্ৰস্তুত কৰে। ভূত জলীয়াৰ চাহ, নীলা চাহৰ জৰিয়তে এৰ’ মিকা টি’ সমগ্ৰ ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত জনপ্ৰিয় হৈ উঠিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply