নিউজ ডেস্কঃ ৰাজ্যৰ ৩৩গৰাকী চিকিৎসকৰ স্বেচ্ছামূলক অৱসৰকলৈ এতিয়া ব্যাপক চৰ্চাৰ সৃষ্টি হৈছে। চিকিৎসক কেইগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হস্পিতাল , যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিতাল, তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিতাল, ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতাল, বৰপেটা, যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিতাল আৰু লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিতালত কৰ্মৰত।
লগতে পঢ়কঃডবকা থানাত ধনৰ লেনদেনক লৈ চৰ্চা,তদন্তৰ দাবী
চিকিৎসক কেইগৰাকীয়ে ব্যক্তিগত কাৰণত অৱসৰ লোৱা বুলি আবেদনত উল্লেখ কৰিছে। ইতিমধ্যে চিকিৎসক কেইগৰাকীৰ আবেদন স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে অনুমোদন জনাইছে।
এই চিকিৎসক সকল পঞ্জীয়ক, অধ্যাপক, ৰেছিডেন্ট ছাৰ্জন, সহযোগী অধ্যাপক হিচাপে কৰ্মৰত আছিল।
একেলগে ৩৩গৰাকী চিকিৎসকে চৰকাৰী চাকৰিৰ পৰা এইদৰে স্বেচ্ছামূলক অৱসৰ লোৱা কাৰ্যত বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।